top of page

ভালপোৱাৰ উত্তৰ বিচাৰি

  • Jun 9, 2021
  • 1 min read

মোৰ হৃদয়ৰ লঠঙা ডালত তোমাৰ প্ৰেমৰ কোমল কুঁহি উশাহত হিমগলা উষ্মতাৰ নিলাজ চুপতি।

কেনেকৈ ভাৱিলা? অলপ খং-অভিমানৰ শব্দত বিচ্যুত হ’ব পাৰে, দুটি হৃদয়ৰ মিলনৰ সঙ্গীত।

ভুলৰ পৰিপ্ৰেক্ষিতাত নৈৰাশ্যৰ স্থানপ্ৰাপ্তি… ভাৰাক্ৰান্ত মনৰ ক্ষণস্থায়ী তিষ্ঠি।

তুমি কোৱাৰ দৰে, মই সহজ নহয় বাবেই হয়তো তোমাক ঘিণ কৰাৰ অজুহাতত থাপনাত জ্বলাব পৰা নাই সুখৰ বন্তি…

তুমিতো নুবুজা, তোমাৰ অনুৰাগত বিহ্বল হোৱা হৃদয়ৰ ঠিকনাত বৈৰাগী হোৱাৰ অভিলাষ।

দূৰৈত বিলীন যোৱা মোৰ কলিজাৰ আধাত আজিও জীয়াই আছে তোমাতেই হেৰাই যোৱা মোৰ নিঃস্বাৰ্থ ভালপোৱা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page