ভূমিকম্পৰ তাণ্ডৱ
- Sahitya Chorcha
- Apr 30, 2021
- 1 min read
সঘনাই ভূমিকম্পিত জনসাধাৰণ শংকিত, ভূমিকম্পৰ তাণ্ডৱ অসমবাসী আতংকিত।
মাৰিছো বাহিৰলৈ দৌৰ সন্ধান সুৰক্ষিত আশ্ৰয়, নোৱাৰিছো উভতিব ঘৰত বুকুত কম্পনৰ ভয়।
চিঞঁৰি চিঞঁৰি মাতিছোঁ হৰি বল হৰি, জোকাৰি গল ৰাজ্য চূৰ্ণ – বিচূৰ্ণ কৰি।
জনলোকৰ প্রাণহানি বাসুন্ধৰাৰ জোকাৰণিত, আমোদজনক জলধাৰা ভূগৰ্ভৰ পৰা নিগৰিত।
কম্পন প্ৰৱন ভূমি অসমৰ দুৰ্বলতা, সম্পত্তিৰ বিস্তৰ ক্ষতি জীৱন কালৰ অভিজ্ঞতা।
Comments