ভোগালী
- Jan 14, 2021
- 1 min read
মোৰ মন চোতালত আকৌ আহি পালেহি ভোগালী। এজাক ধুমুহাৰ দৰে গুছি যাব মোৰ হৃদয় চুৰমাৰ কৰি। ম ই আকৌ জোৰা লগাম ভগ্ন হৃদয়ৰ ভেলাঘৰৰ বেৰ নিজমহৈ পৰিব মনৰ চোতাল এবাৰ মুচিম অনাথ শিশুৰ চকুৰ পানী। পাতিম মোৰ ভোগালী সান্দহ,চিৰা,পিঠা,কাঠ আলু, মিঠা আলু, আনিম যতন কৰি। মেজিৰ তাপত দেহৰ সুপ্ত ৰক্ত কণিকা দীপ্তহৈ উঠিব। সিহঁতৰ সতে খাম এসাজঁ ভাত সেয়ে হব মোৰ ভোগালীৰ অমাতৰ মাত।




Comments