ক’ত হেৰাল উদূলি মুদুলি ঢেঁকীৰ শব্দৰ পুহৰ আবেলিৰ ভোগালীৰ ওলগনি, ক’তবা হেৰাল এপুৰা মালভোগ চকোৱাৰ চিৰা খুন্দা আমাৰ ঘৰৰ ঢেঁকী শাল খন। আমাৰ ঢেঁকীত এডোন চাউলৰ পিঠাগুৰি খুন্দা খুয়দৌ জনীও নোহোৱা হল। বহনী মাৰি ডালো জানো ক’ত গ’ল ? মোৰ শৈশৱৰ পৰিচিত ঢেঁকী শালৰ ছন্দ বোৰ যেন নগৰৰ কোলাহলতে শুই গল। লেচেৰী বটোলা চাউলৰ চুঙা পিঠা নোখোৱাৰ আজি বহুত দিনেই হল। সময় বোৰ সলনি হল । কেঞাৰ দোকানতে সকলো আছে, বিহু পাতিলেই হ’ল। টিভিত প্ৰতিটো বিহুতে নাচ গান হ’ল। সময় যে বৰ জটিল – কেতিয়াবা যেন সান্দহৰ বাটিটো বিনিময় হয় সন্দেহ। চেনেহৰ বিহুটিও “হেপি বিহু” হ’ল।
#assamesekobita #axomiyakobita #Bhogalirhubeshare #SahityaChorcha