top of page

ভোগালীৰ শুভকামনা

  • Sahitya Chorcha
  • Jan 14, 2021
  • 1 min read

আদৰৰ ভোগালী উৎসৱে সকলোকে কুশল মঙ্গলে ৰাখক তাকেই কৰিছো কামনা।

ভোগালী উৎসৱৰ আনন্দ উল্লাসে প্ৰীতি ভোজৰ সুৱাদৰ জুতিৰে জুৰাই যাওক মন সৰোবৰক।

দুবছৰৰ অন্তত ভোগালী বিহুটি আদৰাত ব্যস্ত সমস্ত জনলৈ জনালোঁ অলেখ শুভেচ্ছা ঘৰে – ঘৰে সজাই তোলক মেজি ভোজৰ, পিঠা, লাৰু, চিৰা, দৈৰ‌ ৰস সুৱাদেৰে।

বিগত বৰ্ষৰ তিক্ততা বোৰ সকলোৱে পাহৰি আদৰক ভোগালী বিহুত অনেক সম্ভাৰে উজলাই তোলক চৌপাশ নতুনত্বৰে উৎসাহিত হওক সমস্ত জন।

সংস্কৃতিক নৱ ৰূপেৰে সজাই সেউজীয়া ফচলেৰে বোৱাওক শান্তিৰ নিজৰা।

সঁচাই ভোগালী বেলাত মনত পৰিল গাভৰু ৰাতিৰ পৰা ভেলাঘৰত গোৱা প্ৰাৰ্থনা আৰু দিহানামৰ সুৰেৰে ৰজন – জনাই‌ যোৱা প্ৰভাতী পুৱালৈ। পুৱাৰ মেজিৰ উমত কটোৱা আনন্দৰ মহামিলনৰ সন্ধি ক্ষণলৈ।

মৰমৰ ভোগালী বিহুটিত দ্ৰব্য ঘৰে ঘৰে পিঠা, চিৰা, সান্দহ খুন্দি কিমান মে ভৰাইছিলো মন ভাৱিলেই আনন্দৰ সুখে উপচাই তোলে।

দোকানীৰ আখলৰ আলিঙ্গণত পোৱা নাযায় সেই অনুভৱ মাথো সমাহিত হয় জাতীয় চেতনা বোধৰ অসমৰ বুকুক ঠেলি দিওঁ মাথোঁ জাতীয় অস্তিত্ব বিহীনতালৈ হেৰুৱাই পেলাও সঁচা মৰম, স্নেহ, ভালপোৱাৰ সদভাৱনাৰ প্ৰেমৰ সুবাসিত হৃদয়ৰ জীৱন কথা।

Bình luận


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page