top of page

ভোগালীৰ ভোগ

  • Sahitya Chorcha
  • Jan 16, 2021
  • 1 min read

মাটি মাহ- কাঠআলু খাঁহী মাংসৰ সোৱাদ ল’লো খৰিকাতে তেলবিৰিঙা হাঁহৰ মাংস আঁৰি মাছৰ জোল খনি গোন্ধ আছে নাকত লাগি ডেকা -বুঢ়া সবে মিলি ঢোলে-দগৰে বিহু বুলি কণপোনাৰ কিৰিলিত ব’হাগে বান্ধিছে টঙালি!! মেজিৰ তাপত কঁকাল সেকি বিৰিয়াৰ পাতৰ হেন্দোলনি পথালোঁ খেদি।

মিঠা আলু – কাঠআলু , মাহকঁৰাই দাঁতত পৰিলে মুৰমুৰাই সুৰীয়া গীতৰ তালে তালে গাভৰু জাকৰ কঁকাল হালে।

স্বপ্নাতুৰ দেশৰ মানুহ আমি হৃদয়ত অলেখ ঢৌ-ৰ বুলনি নীলাকাশৰ মেঘৰ মোহনাত মাঘৰ বিহুত মন দেখোন উৰুঙা।

Comentários


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page