ভোগালীৰ বতৰ
- Sahitya Chorcha
- Jan 13, 2021
- 1 min read
উচাহ আৰু প্ৰেমৰ নৱ প্ৰকাশ, ফৰকাল মাঘৰ মাহ ফৰকাল মনৰ নীল আকাশ।
ইফাকি সিফাকিকৈ সুন্দৰ বিহুগীত গাঁও, সখা-সখী স-পৰিয়ালে ভেলাঘৰত ভোজ ভাত খাওঁ।
গুঞ্জন আবেলি মন্ত্ৰমুগ্ধ গীতৰ ধ্বনি, উলহে মালহে উজাগৰী উৰুকাৰ ৰজনী।
স্নান কৰোঁ সূৰ্যহাৰা পুৱতিত, সেৱা কৰোঁ জুই ধৰি মেজিত।
সকলো দুখ-ক্লান্ত খন্তেকতে ক্ষান্ত পায়, যেন মেজিৰ বহ্নিত সকলো কষ্ট দাহ যায়।
ভোগালীৰ বতৰত হয় ৰোগীও আৰোগ্য, লাভিছো জনম অসমত এয়া আমাৰ ভাগ্য।
বাৰ্তা কঢ়িয়ায় জাতীয় জীৱনৰ সমন্বয়, বিহুৰ জৰিয়তে অসমীয়া জাতিৰ পৰিচয়।
আমাৰ একতা অটুট জীপাল মিলা-প্ৰীতি, ভ্ৰাতৃত্বৰ এনাজৰী আমাৰ এই বিহুটি।
Comments