ভোগালীৰ উৰুকা
- Sahitya Chorcha
- Jan 12, 2021
- 1 min read
দুৰৈৰ পথাৰৰ ভেলা ঘৰৰ পৰা ভাঁহি আহে বাঁহীৰ বিষাদ ৰাগিনী সপোন ভগা কোন পাহুৱাল ডেকাই কালৈ মনত পেলাই বজাই বাঁহী।
ওৰে ৰাতি নাহে মোৰ টুপনি। পুহৰ জুই শালৰ অঙঠাৰ উত্তাপত শৈশৱৰ ধেমালিয়ে টনা আঁজোৰা কৰে ।
আইয়ে দিয়া এৰীচাদৰ ভাঁজত ভোগালী গোন্ধে বৰকৈ আমনি কৰে। বিষাদৰ আঁৰে আঁৰে পালেহি ভোগালীৰ উৰুকা।
প্ৰীতি ভোজ ৰাইজে খাব ঘৰে ঘৰে জ্বলিব সুখৰ শলিতা। কিয় আজি ভেলা ঘৰৰ বিৰহ বেদনাৰ সুৰে গাঁওৰ কোন গাভৰুৰ টুপনি ভাঙে । ওৰে ৰাতি নাহে মোৰ টুপনি।
সুখ দুখৰ মাজতেই ভোগালীক আদৰো জ্বলিব যুৰীয়া মেজি । নাশিব বিষাদৰ সুৰ কৰুন কাহিনী। শান্তি পখী জাক আহিব ঘুৰি।
Comments