top of page

ভোগালী মাঘ বিহু

  • Sahitya Chorcha
  • Jan 12, 2021
  • 1 min read

ভোগৰ ভোগালী মাঘৰ জাননি অসমীয়াৰ আপোন বিহু মাহে ধানে উপচি পৰিছে লক্ষিমী ভঁৰালৰ আদৰ!

শাওণে দিলে ৰূপালী সাদৰ আহিনে গেৰোৱা বাখৰ কাতিত বন্তি পথাৰ সুন্দৰী গাভৰু ৰূপহী ৰগৰ!

আঘোণে পিন্ধালে খেতিয়কৰ গলত সপোনৰ মুকুতা মালা হেঁপাহৰ সোণগুটি সোণালী হল ৰঙেৰে পাতিছে বেহা !

ৰোৱনী দাৱনী হালোৱা হাঁহিৰে পথাৰ উখল মাখল ডাঙৰী আহি চোতাল ভৰাই কঙালী হেৰালে খেলা!

পুহৰ ঠেথোৱৈ ককা-আইতা বিলৈ মাঘলৈ বেচিপৰ নাই মেজিজুই জ্বলি সকলো নাশিব দৰিদ্ৰয়ো এমুঠি খাই!

লক্ষিমী লক্ষিমী অ মোৰ লক্ষিমী ভঁৰালত থাকিবি সোমাই মাঘৰ মাহত ভঁৰালৰ দৰ্জা আমি যে খুলিব নাপায়!

মাঘত ভোগালী বহাগ ৰঙালী কাতিত কঙালী বিহু ভোগৰ মাঘতে, হাঁহে মাহে এসাজ খাম সকলোৰে মিলিজুলি!!

Hozzászólások


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page