top of page

ভিক্ষাৰী

মই পদপথৰ ভিক্ষাৰী ৰাতিৰ আন্ধাৰৰ মই প্ৰহৰী উজাগৰী ৰাতি দেখিছোঁ বহু ঘটনা- পৰিঘটনা মানুহৰ ৰ্নিলজ্জতা – বৰ্বৰতা প্ৰতিবাদ কৰি দৌৰি যাওঁ পগলা বুলি মোক থেলামাৰি পেলাই , তুচ্চ শব্দ কৈ গুচি যায়। অসহায় হৈ মাথো চাই ৰওঁ মই মই যে পদপথৰ ভিক্ষাৰী। ভোক পিয়াহ কি নুবুজু মই প্ৰখৰ ৰ’দতো পথতেই থাকো মই প্ৰৱল বতাহ ধুমুহা বৰষুণ জাৰতো পথতেই থাকো মই কোনোয়ে কয় মোক পগলা কোনো কোনোয়ে ভিক্ষাৰী বুলি খাবলৈ দি যায় খোৱাৰ টোপোলা আকৌ কোনো কোনোয়ে মোক ভিক্ষাৰী বুলি মই তেওঁলোকৰ ওচৰত গ’লেই পঠায় খেদি কাৰণ তেওঁলোকৰ চকুত মই যে পদপথৰ ভিক্ষাৰী ভুল !ভুল !ভুল বুজিছে আপোনালোকে আছিল মোৰো এখন সুখৰ সংসাৰ। মনত আছেনে আপোনালোকৰ কিছুবছৰ আগতে , গুৱাহাটীত সংঘটিত সেই বোমা বিস্ফোৰণ। তাতেই হেৰুৱালো মই মোৰ পৰিবাৰক মোৰ হিয়াৰ আমঠু কণ-কণ ল’ৰা ছোৱালী হালক লগতে হেৰুৱালো প্ৰাণৰো প্ৰাণৰ মোৰ মৰমৰ জীৱন সংগিনীক। তেতিয়াৰে পৰাই মই মানসিক ভাৰসাম্য হেৰুৱাই হৈ পৰিলোঁ পদপথৰ ভিক্ষাৰী আজি এই পদপথেই মোৰ ঘৰ মাজে মাজে তেওঁলোক আহে মোৰ লগত কথা পাতে -খেলে -খিলখিলাই হাঁহে মোৰ কণমইনা দুটাই। আমাক চাই মানুহজনীও মিচিকিয়াই হাঁহে। তাকে দেখি মানুহে মোক কয় পগলা বুলি। কলিজাৰ কেঁচা ঘাটোকোৰা আপোনালোকেটো দেখা নাই। নহয় নহয় মই পগলা, নহয় মই ভিক্ষাৰী মই হ’লো পদপথৰ প্ৰহৰী ঘূৰি ফুৰো মই অলিয়ে গলিয়ে তীক্ষ্ণ চকু মোৰ সকলোৰে ওপৰত কিজানিবা দেখা পাওঁ মানুহৰ তেজ খোৱা সেই নৰখাদগক।

#assamesekobita #axomiyakobita #bhikhari #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page