top of page

ভোকাতুৰ চহাৰ মন

উদৰে উচুপি থকা চহাৰ হৃদয় পবিত্ৰ হয় ; মনে একতাৰ ভাৱনাক জগাই সমাজ বান্ধি ৰয় ।

নাই অহঙ্কাৰ কাৰো হৃদয়ত প্ৰীতিৰে কৃষিত হে মন ; উদৰ পুৰাই দুমুঠি ভাত পাবলৈ কৰে পণ ।

মানুহে বুজে মানুহৰ দুখ: ভোকে একতা আনে ; মিলিজুলি খাই খুদকণ ভগাই অভাৱেও ৰং সানে ।

চহাৰ সৰল সেই সুন্দৰ মনক এতিয়া পাবলৈ নাই ; অভিলাসী মন আধুনিক শিক্ষাত চেতনা হেৰাই যায় ।

0 views0 comments

Related Posts

See All

Comments


bottom of page