ভয় লগা সময়
- Sahitya Chorcha
- Jan 25, 2021
- 1 min read
পৃথিৱীৰ অন্ধকাৰ চাৰিওফালে কোলাহল। আসন্ন মৃত্যুৱে হাত বাউলী মাতিছে মৃত্যুৰ যাতনা চেতনাক নেওচি ৰৈ আছো মই নিজকে সময়ৰ সোঁতত বিলীন কৰি। ভয় শংকা মাজতে ৰৈ আছো সূৰ্য্য উদয় হোৱা লৈ। কঠোৰ শ্ৰমৰ পাছতো জিৰণি লোৱা নাই কৰুণ চাৱনিৰে চাই আছো কেতিয়া শেষ হব ভয় লগা সময় ক্ৰমান্বয়ে শক্তি হীন হৈছোঁ অনুভৱ কৰিছোঁ সপোন দিথক হোৱা সময়বোৰ। নিশাৰ নিৰ্জনতাত কৰুকি কুৰুকি হৃদয়ত সোমাই অব্যক্ত গোপন কথাবোৰ। সেই ভয় লগা সময় যেতিয়া কোনো কাষত নাছিল কুৱলীয়ে আগভেটি ধৰা শীতৰ এটা কেকুৰীত তুমি ও নোহোৱা হলা। হেৰুৱাই পেলাইছিলো জীৱনৰ ঠিকনা। সেই ভয় লগা সময়ে মোক খেদি ফুৰে। দগ্ধ ৰাতি ভ্য় লগা সময় তথাপি মাজ নিশালৈ মোৰ আহৰি নাই। ভয় শংকা মাজতে আছো ৰৈ বাট চাই আছো ৰাতিপুৱা লৈ। শৰতৰ শেৱালী দৰে গমকে নেপাওঁ সময় বাগৰে।
Comentarios