বাৰিষা
- Sahitya Chorcha
- Jan 8, 2021
- 1 min read
বাৰিষা মানেই বৰষুণ প্ৰকৃতি প্ৰাণ পৃথিৱীৰ ঘ্ৰাণ বাৰিষাক ভালপোৱা কৃষকৰ জীৱন সংগ্ৰামৰ এটি মনোমোহা গান।
সময়ৰ সোঁতত বাৰিষা ওফন্দি হ’ল দিশহাৰা দে’ওদি গুছি গ’ল ক’ত সপোন আৰু আশা। এজাক বৰষুণেই সেউজীয়া আচলত বান্ধি লয় কৃষকৰ সপোন।
নদীয়ে সাবতি লয় সুখ সেউজীয়া অৰণ্যৰ মাজত পশু পক্ষী ৰাতি কৰুন আলাপ ওৰ নপৰে দুখ।
কৃষকৰ সপোন ভাগে বাৰিষাক ভালপোৱা বাবে দুখৰ আলাপ। শেতেলীত হেজাৰ দুখৰ হুমুনিয়াহ।
গজালি মেলিছে এটি কোঁহ প্ৰতিশ্ৰুতি হেৰুৱাই জীৱন সংগ্ৰামৰ আহ্বান। সময়ৰ সোঁতত ক’ৰোনা সতে অবিৰাম যুঁজ আৰু সহবাস। বাৰিষাৰ সতে প্ৰতাৰণা সংজ্ঞা ছলনাৰ সতে জীৱন নিৰ্বাহ।
Comments