top of page

বীৰাংগনা লাভলীনা

  • Sahitya Chorcha
  • Aug 4, 2021
  • 1 min read

অসমীৰ বীৰাংগনা লাভলীনা এক দু:সাহসী যোদ্ধা অসমৰ বোকা পানী লুইতৰ বালি শিৰত আশীষ লৈ যোৱা আগবাঢ়ি বিজয়ৰ মালা পিন্ধি আহিবা তুমি দেশৰ নাম জিলিকাই

অসম বীৰ বীৰাংগনাৰ দেশ মূলাগাভৰু কনকলতাৰ দেশ এইখন লাচিত বৰফুকনৰ দেশ

আইৰ তোৰ আঁচলত অযুত শক্তি অবলা বুলি ভাৱি ভুল নকৰিবি লাভলীনা দেখো হাতত গ্লোভ পিন্ধি বজ্ৰ হাতৰ প্ৰতিটো প্ৰহাৰত ধৰাশায়ী হয় বিপক্ষৰ বীৰত্ব

শ্ৰেষ্ঠতৰ লক্ষ্যৰে বিশ্ব বিজয় হোৱা কোটি কোটি জনতাৰ শুভেচ্ছা তোমাক সূৰ্য্যোদয় দেশত খোদিত হওঁক নাম যুগে যুগে থাকি ৰব ইতিহাস তোমাৰ

প্ৰেৰণা হওঁক তুমি নৱ প্ৰজন্মৰ নাৰী আজিও যুগৰ কালজয়ী সৃষ্টি আৰু সুবৰ্ধিত পৃথিৱী

Commentaires


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page