top of page

বিৰক্তি

বহুত বেদনা বুকুত বান্ধি নিবেদিতা বিয়াত বহিবলৈ বাধ্য হ’ল। তাই শৈশৱৰে পৰা ভাল পোৱা নিকুক জীৱন সংগী ৰূপে পাবলৈ সংকল্প লৈছিল; কিন্তু তাৰ ঘৰৰ অৱস্থা ভাল নোহোৱাৰ বাবেই মাক-দেউতাকে তাৰ লগত বিয়া দিবলৈ অস্বীকাৰ কৰিলে। অনুপম ইঞ্জীনিয়াৰিং পাচ কৰি ভাল কম্পেনীত চাকৰি কৰে। তেওঁলোকৰ ঘৰৰ অৱস্থাও বহুত ভাল। তেওঁলোকৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ অহাৰ লগে লগে মাক-দেউতাকে সন্মতি জনালে। বিয়াৰ দিনা তাই কেৱল কান্দি কান্দিয়েই সময় কটালে। তাই অন্তৰৰ দুখ বুজিবলৈ কোনেও নাচালে ,কেৱল টকাক গুৰুত্ব দি তাইক ঠেলি দিলে চিৰন্তন দুখৰ মাজলৈ।

2 views0 comments

Related Posts

See All

Comments


bottom of page