তুমি কুশলে আছা বাবেই হয়তো মইও কুশলে আছোঁ ।
প্ৰিয়া তোমাৰ বতৰা মই সুধিছিলোঁ মোৰ উশাহক ।
ধপ ধঁপাই বাজি উঠা মোৰ উশাহৰ স্পন্দন পাই মই গম পালোঁ তুমি কুশলে আছা ।
তুমি আছা বাবেই হয়তো মোৰ উশাহহতো স্পন্দন আছে ।
জানা নে প্রিয়া কপৌ ফুলিলেই , কুলি , কেতেকীয়েও মিঠা মাতত গীত গাবলৈ ললেই কিন্তু , মোৰ হৃদয়ৰ কপৌ পাহ এতিয়াও ফুলা নাই, তোমাৰ অপেক্ষাত আজিও ৰৈ আছে আধা ফুলাকৈ ।
ব্যস্ত চহৰৰ যান্ত্ৰিক সভ্যতাৰ যান্ত্ৰিকতাৰ মাজত তুমি হেৰাই গৈছাঁ নেকি?
নে হেৰাই যোৱাৰ অভিনয় কৰিছা ।
তাঁতৰ শালৰ খিত খিতনিত যে তোমাৰ টোপনি ভাঙিছিল বুলি মিছাতে কৈছিলা আৰু মোৰ লগত তুমি যুঁজিছিলা।
মই তেতিয়াও গম পাইছিলোঁ খংটো তোমাৰ মাথোঁ এটি অছিলা আছিল অভিমানৰ ।
তুমিও গম পাইছিলা তোমাৰ অভিমান যে মোৰ প্ৰিয় ।
আজিও মই জানো তোমাক !
আনৰ চকুত তুমি এটা জটিল অংক হলেও মোৰ বাবে তুমি এটি সহজ সূত্ৰ । তোমাৰ মৌনতাত লুকাই থাকে হাজাৰ প্ৰশ্ন !
ব্যস্ত চহৰত ব্যস্ততা এটি মাথোঁ অছিলা , তুমিযে আজিও গাঁৱলীয়া ।
দামী ব্ৰেণ্ডৰ কাপোৰ , ঘড়ী অথবা বিলাসী পাৰ্ফিউমতকৈ আজিও তোমাৰ প্রিয় মই দিয়া আশী সূতাৰ বিহুৱান খন ।
তুমি কেতিয়া আহিবা প্ৰিয়া মোৰ ঘিলা খোপাত কপৌফুল পিন্ধাবলৈ!!
Kommentit