যোৱাটো ব’হাগত বিহুৱান খনৰ মাজত সুমাই দিয়া ৰঙা গোলাপ পাহী সাঁচি ৰাখিছো সযতনে।
ৰিঙা ৰিঙা লগা দুয়োৰে মৰমৰ সুবাসত বাহ লৈছিল সপোনৰ কাৰেং।
স্বপ্নগধুৰ কাজলসনা দুচকুত বগাই ফুৰিছিল তোমাৰ প্ৰতিচ্ছবিৰ এখনি নীলা সাগৰ।
মন দাপোনত ভুমুকি মাৰিছিল প্ৰসাৰিত তোমাৰ হাতৰ পৰশত শিঁহৰিত মোৰ দেহৰ ৰক্ত প্ৰবাহ।
জাগ্ৰত ইন্দ্ৰিয়ৰ ক্ষুধাত ৰোমাঞ্চিত মোৰ হৃদয়ত থুপিকৃত অণু-পৰমাণুৰ জাক।
অনাগত ব’হাগৰ অপেক্ষা ওখ কলডিলিয়া খোপাত জিলিকিব এপাহী সতেজ বগা কপৌ সযতনে – আলফুলে।
#SahityaChorcha #assamesepoetry #axomiyakobita #bohag #assamesekobita