top of page

বিহংগম – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে (অষ্টম খণ্ড)

ধৰ্মাত্মা লামাজনৰ পাছে পাছে গৈ অভিনন্দন এজন বাধ্য ছাত্ৰৰ দৰে গৈ টেক্সিৰ আসনত বহি পৰিল ৷ ড্ৰাইভাৰজনে স্থানীয় ভূটীয়া ভাষাত লামাজনক খুব নিম্ন স্বৰত কিবা কথা পাতিলে ৷ সেই কথা বতৰাৰ মাজত ড্ৰাইভাৰজনৰ মুখত চিন্তাৰ ভাব ফুটি উঠিছিল ৷ অভিনন্দনে ড্ৰাইভাৰজনৰ মনৰ চিন্তাৰ কাৰণ জানিব কাৰণে খুব উৎসুক হ’ল ৷ তাৰ উৎসুকতা আতৰ কৰি ধৰ্মাত্মা লামাই কলে- বাচা, পথ দুৰ্ঘটনাৰ কাৰণে তোমাৰ লটিঘটি হোৱা বাবে ড্ৰাইভাৰ বন্ধুৰ মনত দুখ লাগিছে ৷ মাত্র তিনি ঘন্টাৰ যাত্ৰাপথকন অভাৱনীয় ভাবে কষ্টকৰ আৰু দিঘলীয়া হোৱাৰ বাবে তোমাৰ চাগে অসুবিধা হৈছে তাকে লৈ তেওঁ চিন্তা কৰিছে ৷ ধৰ্মাত্মাৰ কথা শুনি অভিনন্দন স্তম্ভিত হৈ পৰিল ৷ আমাৰ ইয়াত যদি এনে পৰিস্থিতিৰ সৃষ্টি হল হেতেন এনেদৰে অচিনাকী আৰোহীৰ সুবিধা- অসুবিধাৰ কথা চিনতা কৰি মুৰ নঘমালে হেতেন৷ ওলোটাই আৰোহীক অতিৰিক্ত ভাৰা মূল্য ভৰিৰ লাগিব বুলি সকীয়নিহে দিলে হেতেন ৷ কিন্ত ভূটীয়া ড্ৰাইভাৰ জনৰ আৰোহী এজনৰ বাবে চিন্তাৰ পৰিধি শলাগিব লগীয়া ৷ ভূটীয়া সকল সচাঁই বহুত সৰল আৰু শিষ্টাচাৰী ৷ সেইয়াহে আচল মানুহৰ মহানুভৱতা৷ বাচা, মোৰ গন্তব্যস্থান পাবলৈ আৰু বেছি সময় নাই গতিকে তোমাক মই দুটামান বিশেষ জৰুৰী কথা কম ৷ মন দি শুনিবা ৷ তোমাক আৰাধ্য গুৰু তথাগতে মংগল কৰিব ৷ ধৰ্মাত্মা লামাজনৰ মাতত অভিনন্দনৰ সম্বিত ঘুৰি আহিল৷ সি কৰযোৰে মূৰ দোৱাই ধৰ্মাত্মা লামাজনক কৈ যাব লৈ অনুৰোধ কৰিলে৷ লামাই উৎসাহিত হৈ এটা দীঘল গল হেকাৰি মাৰি লৈ কবলৈ আৰম্ভ কৰিলে -অষ্টম শতিকাৰ আৰম্ভণিতে ট্ৰিচঙ দিউচেন তেৰ বছৰ বয়সতেই তিব্বতৰ ৰাজপাটত বহিল৷ তেওঁ ৭৫৫ খ্ৰীষ্টাব্দৰ পৰা ৮০৪ খ্ৰীষ্টাব্দ লৈ ৰাজত্ব কৰিছিল ৷ তেওঁ মহাযান বৌদ্ধ পন্থাৰ সম্যকদৰ্শনৰ ইশ্বৰ মন্জুশ্ৰীৰ অৱতাৰ বুলি তিব্বতৰ জনসমাজত বিশ্বাস আছিল ৷ সেই সময়ত তিব্বতত বৌদ্ধ ধৰ্মতকৈ স্থানীয় বন ধৰ্মৰ প্ৰভাৱ বহুত বেছি আছিল ৷ মানুহে ডাকিনী -যোগিনী আৰু পিশাচৰ পূজাৰ পাতল কৰিছিল ৷ আৰু ইফালে ৰজা ট্ৰিচঙ আছিল বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট ৷ তিব্বতত বৌদ্ধ ধৰ্মৰ সংস্থাপনৰ কাৰণে ৰজা ট্ৰিচঙে ভাৰতৰ বৌদ্ধ গুৰু শান্ত-ৰক্ষিতাক নিমন্ত্ৰণ দিলে ৷ শান্ত-ৰক্ষিতাই তিব্বতত বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰা সময়তে ৰজা ট্ৰিচঙে মন্ত্রী-পাৰিষদৰ লগত বিবেচনা কৰি ৰাজ্যত এটা বিশাল বৌদ্ধ মঠ সাজিব ল’লে ৷ কিন্ত তিব্বতৰ পাৰম্পৰিক বন ধৰ্মালম্বীৰ লোকসকলে ৰজাৰ কাৰ্য্যত ক্ষোভিত হৈ পৰিছিল ৷ বন ধৰ্মত বিশ্বাসী গোড়া মানসিকতাৰ বেজ-ওজা বোৰে ৰজাৰ কাৰ্য্য ত বাধা দিবলৈ ৰাতি বিৰাহ-ভুত আদিৰ দ্বাৰা মঠৰ বহুলক্ষতি কৰিছিল ৷ তেতিয়া ৰজা ট্ৰিচঙ উপায়ান্তৰ হৈ গুৰু শান্ত-ৰক্ষিতাৰ ওচৰ চাপিল ৷ গুৰু শান্ত-ৰক্ষিতাই ৰজা ট্ৰিচঙক মনোবল নেহেৰুৱাই গুৰু পদ্মসম্ভাৱাক নিমন্ত্ৰণ দি আনিবলৈ উপদেশ দিলে ৷ ৰজাই গুৰু শান্ত-ৰক্ষিতাৰ কথাত অকনো বিলম্ব নকৰি বাকী নামৰ এজন দূতক পদ্মসম্ভাৱাক নিমন্ত্ৰণ জনাই নেপাললৈ পঠিয়াই দিলে ৷ সেই সময়ত গুৰু পদ্মসম্ভাৱাই নেপালত ধৰ্মৰ প্ৰচাৰত ব্যস্ত আছিল ৷ ৰজাৰ নিমন্ত্ৰণ পাই গুৰু ৰিনপোচেই ( পদ্মসম্ভাৱাই ) আপাৰ তিব্বতৰ মংগ্যুল জিলাৰ জাৰা বাগ্য়ীয়া গুহাত আশ্ৰয় ললে গৈ ৷ অৱশেষত গুৰু ৰিনপোচে পদ্মসম্ভাৱাৰ কাৰণে ৰজা ট্ৰিচঙে সফলতাৰে তিব্বতত বিশাল চাম্য়ে মঠ বনাই সম্পূৰ্ণ কৰিলে ৷ তাৰপাছত প্ৰায় দুকুৰি বছৰ ধৰি গুৰু পদ্মসম্ভাৱাই তিব্বত আৰু তাৰ পাদদেশৰ ঠাইবোৰত ব্ৰজায়ন বৌদ্ধ ধৰ্ম সংস্থাপন কৰি পাছলৈ ভূটান আৰু ভাৰতৰ ছিকিমলৈ প্ৰস্থান কৰিছিল ৷ গুৰুজনাই লগত পচিশ জন প্ৰধান শিষ্যক লগত লৈ ভূটানত প্ৰবেশ কৰি ইয়াত বহুত মায়া বিদ্যাৰ কৌশলসতাই ব্ৰজায়ন বৌদ্ধ ধৰ্ম সংস্থাপন কৰিছিল ৷ তুমি ভূটানত বহুদিন ধৰি থাকিবা আৰু প্ৰভু ৰিনপোচেৰ আশীৰ্বাদত তেওঁৰ বহ মঠ মন্দিৰ দৰ্শন কৰিবলৈ পাবা ৷ গুৰুজনাৰ নানান মহিমামণ্ডিত কাহিনীও শ্ৰবণ কৰিব পাবা ৷ গুৰুজনাৰ কাহিনীবোৰে তোমাৰ আত্ম আৰু শৰীৰত অফুৰন্ত উৎসাহ দিব ৷ তুমি উপকৃত হ’বা ৷পদ্মসম্ভাৱাৰ জীৱন গাঁথাৰ শ্ৰৱন সকলোৰে প্ৰাপ্ত নহয়৷ গুৰুৱে পূৰ্বনিৰ্ধাৰিত কিছুমান লোকক কিবা উদ্দেশ্য ৰাখি তেওঁৰ শ্ৰৱন কীৰ্ত্তন কৰিবলৈ সুযোগ দিয়ে ৷ তুমিও সেই সুযোগৰ পাত্র হ’লা ৷ অনাকাংক্ষিত ভাবেই গুৰুজনাৰ বিভিন্ন লাখাঙ আৰু মঠৰ,দৰ্শন কৰিব লৈ সুযোগ পাবা ৷ সেই সুযোগ বোৰ হাতৰ পৰা ওলাই যাব নিদিবা ৷

মোৰ গন্তব্যস্থান পাবলৈ আৰু মাত্র কেইটামান মুহূৰ্ত বাকী আছে ৷ মই তোমাক দুটামান কথা কওঁ তুমি মন দি শুনিবা ৷ এই ভূটান ভ্ৰমণৰ সময়ত তোমাৰ হৃদয়ত এক উদগীৰণ ঘটিব ৷ এই উদগীৰণত বিচ্ছুৰিত লাভাৰ দবানলে তোমাক দহি পেলাব বিচাৰিব ৷ কিন্ত বাচা, তুমি কোমল মনৰ অন্তৰ চাফা লৰা ৷ তথাগতে তোমাক ৰক্ষা কৰিব ৷ তোমাক এই তামৰ বাতিটো আৰু কাঠৰ মাৰি দাল উপহাৰ দিছো ৷ এই বাতিটোৰ চাৰিওফাল কাঠৰ,মাৰিডাল ঘুৰাই থাকিলে শব্দ তৰংগৰ উদ্ভৱ হ’ব ৷ যিমান লাহে লাহে মাৰিডাল ঘুৰাব সিমানবেছি প্ৰাবল্যতাত শব্দ তৰংগৰ সৃষ্টি হ’ব আৰু তোমাৰ হৃদয়ৰ মাজত ওঁম শব্দ গুঞ্জৰিত হৈ উঠিব ৷ তেতিয়াই তোমাৰ মনৰ,দুখ বেদনা, কাম ক্ৰোধ আদি মাৰ,গৈ মনত প্ৰশান্তিবোধৰ মলয়া ব’ব ৷ এই সমগ্ৰ প্ৰদ্ধতিটোকে শব্দ যোগা বুলি কয় ৷ কথাৰ সামৰণি মাৰি ধৰ্মাত্মা লামাই উপহাৰটো অভিনন্দনৰ হাতত তুলি দিলে ৷ সি আনন্দমনে ধৰ্মাত্মাৰ হাতৰ পৰা সাদৰৰে গ্ৰহণ কৰি বেগত সুমুৱাই ল’লে ৷ ধৰ্মাত্মা লামাই থিম্ফুৰ পৰা নাতিদূৰত চিগিয়েল বুলি ঠাইখনতে ড্ৰাইভাৰজনক গাড়ীখন ৰখাবলৈ দি অভিনন্দনক মূৰ গা পিহি আশীৰ্বাদ দি বিদায় ল’লে ৷ অভিনন্দনেও শ্ৰদ্ধা সহকাৰে লামাজনৰ দুই ভৰি চুই প্ৰণাম কৰিলে ৷ ধৰ্মাত্মা লবজান থিনলে দৰজীৰ সান্নিধ্যত যোৱা পাচ ঘন্টা সময় কেনেদৰে অতিবাহিত হৈ গ’ল আৰু কিমান কথা যে জানিব পাৰিলে সি নিজেই বিশ্ময় মানিলে ৷ ধৰ্মাত্মাই অভিনন্দনক এৰি থৈ যোৱাৰ পাছত সি নিজক খুবেই ৰিক্ত অনুভৱ কৰিলে ৷ ধৰ্মাত্মাৰ বহু কথাই তাৰ মনৰ মাজত সাথঁৰ হৈ ৰ’ল ৷ সি নাজানে তাক লামাজনে ইমানবোৰ কথা কোৱাৰ আৰত কি উদ্দেশ্য প্ৰণোদিত হৈ আছে ৷ কিন্ত জ্ঞানী ধৰ্মাত্মা লামাজনৰ পৰা সি কম সময়ৰ ভিতৰতে বহুত ৰসাল আৰু আধ্যাত্মিক জ্ঞান প্ৰাপ্তি কৰিলে ৷ সেইটোৱেই তাৰ কাৰণে পৰম অহোভাগ্য আছিল ৷

অভিনন্দনৰ চিন্তাত যতি পেলাই ধাৰাম কৈ উঠা ভয়ানক শব্দত ড্ৰাইভাৰজনে কেচ্ কৈ গাড়ীখন ব্ৰেক মাৰি ৰখাই দিলে ৷ তাহাঁতৰ আগে গৈ থকা ট্ৰাক খনে ভীষণ শব্দ কৰি ব্ৰেক মাৰি ৰখাই দিয়াত কথমপি অভিনন্দন হতঁৰ গাড়ীখন গৈ ট্ৰাকখনৰ তলত নোসোমাল ৷ নিমিষতে ট্ৰাকখনৰ চাৰিওফালে মানুহে জুম বান্ধিলে ৷ থিম্ফুৰ নিচেই সমীপৰ বেবেচা নামৰ ঠাইখনত হঠাৎ এক হুৱা-দুৱা পৰিবেশৰ সৃষ্টি হ’ল ৷ অভিনন্দন আৰু ড্ৰাইভাৰজনে গাড়ীখন ৰাস্তাৰ দাঁতিত কাষৰীয়া কৰি দূৰ্ঘটনাটোৰ বুজ ল’ব লৈ আগবাঢ়ি গল৷

1 view0 comments

Comentarios


bottom of page