top of page

বিহংগম (সপ্তম খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে

কিছুদুৰ আগুৱাই আহি কেকুৰীটো ঘূৰিয়েই অভিনন্দনৰ পথৰ দাঁতিত এটা মাটিৰে নিৰ্মিত প্ৰকাণ্ড ধুনিৰ ওপৰত চকু পৰিল ৷ বতাহত ধুনিটোৰ পৰা উৰি থকা সুগন্ধিত ধোৱাই গোটেই ঠাইখন তাৰ পবিত্ৰ যজ্ঞস্থলীৰ দৰে লাগিল ৷ ধুনিৰ কাষত পাহাৰৰ গাত থকা শিলৰ ফাক বোৰত ৰঙ বিৰঙৰ অসংখ্য সৰু সৰু বৌদ্ধ স্তুপাৰ আকৃতিৰ মূৰ্তি চকুত পৰাত অভিনন্দনে তাৰ কৌতুহলী মনটোক ধৰি ৰাখিব নোৱাৰি শিলৰ ফাকটোলৈ আগুৱাই গ’ল ৷ ভাইটি চা চা বোৰ হাতেৰে নুচুবা ৷ আৰু সাৱধান সেই পবিত্ৰ আৰু মন্ত্ৰ পুত চা-চা বোৰত ভুলটো যাতে ভৰি নপৰে ৷ ভক্তিৰে মুৰ দোৱাই আতৰি আহা ৷ তাৰ পিচে পিচে আহি থকা ধৰ্মাত্মা লামা লবজান থিনলে দৰজীৰ মাতত অভিনন্দন থমকি ৰ’ল ৷ সি ধৰ্মাত্মাৰ ওচৰলৈ ওভতি অহাত ধৰ্মাত্মাই ক’লে- বাচা ভূটান ৰ মাটিত খোজ দিওতে সদায়েই লেখিজুখি খোজ দিবা ৷ ইয়াত সকলোবোৰৰ আৰতেই কিবা নহয় ৰহস্যজনক কাৰণ সম্বলিত হৈ থাকে ৷ গুৰু ৰিনপোচে (পদ্মসম্ভাৱা) ৰ ব্ৰজায়ন সূত্ৰ অনুসৰি ভূটানৰ ৰীতিনীতি সকলোবোৰ মায়াবী তান্ত্ৰিক বৌদ্ধ ধৰ্ম মতে পালন কৰা হয় ৷ গতিকে কেতিয়াও ইয়াৰ লোক বিশ্বাস আৰু পৰম্পৰাগত ৰীতি নীতিক উপেক্ষা নকৰিবা ৷ শিলৰ ফাকত সেইবোৰ বগা নিমজ শিলৰ গুৰিৰে বনোৱা সৰু সৰু চোৰ্তেন ( স্তুপা ) যাক তিব্বত আৰু ভূটানত চা চা বুলি কোৱা হয় ৷ নিজৰ প্ৰিয়জনৰ উন্নতিৰ কাৰণে, নৰিয়া পাটীত পৰি থকা ৰোগীৰ উপশমৰ বাবে অথবা বিদেহী আত্মাৰ সদগতিৰ বাবে লাখাঙৰ লামাই গননা মতে এই সৰু সৰু চোৰ্তেন সমূহ পবিত্ৰ স্থানত ৰখা হয় ৷ চা চাৰ ৰঙ, আকাৰ আৰু সংখ্যা সকলোবোৰ গননাত ঠিৰাঙ কৰা হয় ৷ সৰু সৰু শঙ্কু আকৃতিৰ এই চা-চাবোৰ জংগ, চোৰ্তেন ( স্তুপা) আৰু লাখাঙ ( মন্দিৰ) ৰ কাষত মানুহে সহজে হাতেৰে ঢুকি নোপোৱা ঠাইত যেনে গুহা , শিলৰ ফাক, গছৰ ধোন্দৰ মাজত ভক্তি ভাবেৰে যথাযোগ্য স্থানত ৰখা হয় ৷ কেতিয়াবা আকৌ গননা বিশেষে চা-চাবোৰ চন্দন অথবা চীদাৰ কাঠৰ ভূৰ সাজি নদীত উটুৱাইও দিয়াও হ’য় ৷ হিমালয়ৰ পাদদেশৰ ভাৰত, ভুটান আৰু তিব্বতৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ লোক সকলে ভগৱানক চা-চা উচৰ্গিত কৰা প্ৰথা হাজাৰ হাজাৰ বছৰ ধৰি চলি প্ৰচলিত হৈ আহিছে বুলি অনুমান কৰা হয় ৷এটা প্ৰজন্মৰ পাছত আনটো প্ৰজন্মই ধাৰাবাহিক ভাৱে চা-চা বনোৱা পদ্ধতি সমূহো নিয়ম মানি অনুসৰণ কৰি গৈছে ৷ চা-চা বনোৱা মানুহজনৰ লগতে যাৰ কাৰণে বনোৱা হয় তেওঁলোক দুয়োজনৰে মনৰ শ্ৰদ্ধা- ভক্তি আৰু ধাৰ্মিক আস্থাৰ ওপৰত চা-চাৰ কাৰ্য্যক্ষমতা আৰু গুনাগুন নিৰ্ভৰ কৰে ৷ চা-চা বনাবলৈ সাধাৰণতে পাৰো আৰু দক্ষিণ ভূটানৰ বিভিন্ন প্ৰান্তৰ পৰা পবিত্ৰ আঠালতীয়া বোকা সংগ্ৰহ কৰি অনা হয় ৷ সেই বোকাৰ সতে সুগন্ধি কেশ্যৰ , পবিত্র ঔষধি আৰু মচলা মিহলাই আটাৰদৰে লাডু বনাই কাঠ বা ধাতুৰ খাচত ঢালি দি ৰ’দত শুকুৱাই লয়৷ চা-চা বনোৱাৰ সময়ত বনোৱা মানুহজনে নিৰাধাৰ মণ্ত্রোচ্চাৰণ কৰি থাকিব লাগে ৷ কেতিয়াবা একোটা মন্ত্র সহস্ৰাধিক বাৰো উচ্চাৰণ কৰিবলগীয়া হয় আৰু শেষত সংস্কৃত ভাষাত মন্ত্র লিখা কাগজ এখন মেৰিয়াই চা-চাটোৰ ভিতৰত সযতনে সুমুৱাই দিয়া হয় ৷ মন্ত্র সমূহ সমূহ সাধাৰণতে সুগন্ধি চন্দন অথবা চাইপ্ৰাছ গছৰ গুটিৰে তৈয়াৰী চিয়াঁহীৰে লিখা হয় ৷ সেয়েহে এই মন্ত্ৰপুত চা-চা সমূহৰ পৰা অহৰহ পবিত্ৰ আৰু মিঠা সমীৰণ পৃথিৱীৰ বায়ুমণ্ডলত বিয়পি থাকে ৷ দেৱ-দেৱী সকল এই মিঠা সমীৰণ আৰু পবিত্ৰ মন্ত্রবানীত সন্তুষ্ট হৈ ভক্তৰ আহ্বান স্বীকাৰ কৰি আশীৰ্বাদ প্ৰদান কৰে বুলি জনশ্ৰুতি আছে ৷ চা-চা দুই প্ৰকাৰৰ, সৰু সৰু চা-চা বোৰত আঠটা স্তূপাৰ প্ৰতিকৃতি আৰু ডাঙৰ চা-চা বোৰত এশ আঠটা স্তূপৰ প্ৰতিকৃতি সাজকটা থাকে ৷ বৌদ্ধ ধৰ্মত ১০৮ সংখ্যা টো অতি পবিত্ৰ বুলি মনা হয় ৷ বৌদ্ধ ধর্ম মতে , মর্ত্যত ১০৮ টা পার্থিব ইচ্ছাই বিৰাজ হৈ থাকে , মানুহে জীৱনত কমেও ১০৮বাৰ মিছা কয়,১০৮বাৰ বিভ্ৰান্ত হয়, যোগে, য্যোগ সাধনাত ১০৮বাৰ সূৰ্য্য নমস্কাৰ কৰা হয়,অৰ্থাত পৰিবৰ্তনশীল জগতক সন্মান জনোৱা হ’য় ৷ চাংথাব টো থকাকলৈ চাই ইয়াৰ ওচৰে পাজৰে চোৰ্তেন অথবা লাখাঙ থকাটো খাটাঙ , ধৰ্মাত্মা লামাই ধোৱাই থকা ধুনিটোলৈ আঙুলিয়াই অভিনন্দনক উদ্দেশ্যি কলে ৷ ধৰ্মাত্মা লামাই গুৰু গম্ভীৰ মাতেৰে কৈ থকা অত্যন্ত তত্ত্ব গধুৰ আৰু ৰহস্য ভৰা কথা সমূহ শুনি শুনি সি যেন এখন অলৌকিকতাৰ জগতত বিচৰণ কৰি আছিল ৷ ধৰ্মাত্মা লামাৰ ইংগিতত ধুনিটো ফালে আঙুলিয়াই সেইটোনো আচলতে কি বুলি সি প্ৰশ্ন কৰিলে ৷ ধৰ্মাত্মা লামাই খুব মৰমৰে অভিনন্দনৰ মুৰত হাতখন থৈ ‘ওঁম মনি পদ্মে হুম ‘ বুলি কৈ গ’ল , সেইটো এটা ধূনাৰ ধুনি ৷ ভূটানত সূৰ্য্যোদয়ৰ লগে লগেই জং, চোৰ্তেন আৰু লাখাঙৰ ওচৰত এন ধুনিত সুগন্ধিত ধোৱাৰ কাৰণে চন্দন, চীডাৰ, চাইপ্ৰাছ আদি গছৰ ডাল-পাতৰ ওপৰিও ধূনা আদি দিনটোৰ কাৰণে জ্বলাই দেব-দেৱীক স্মৰণ কৰি নৈবেদ্য হিচাবে উৎসৰ্গিত কৰা হয়। প্ৰতি ঘৰ মানুহৰ ঘৰৰ সন্মুখতো দিনটো এনে সুগন্ধিত ধূপ ধূনা জ্বলাই ৰখা হয় ৷ হিমালয়ৰ পাদদেশৰ ঠাইবোৰত ধূপ ধূনাৰ উপাস্য দেৱী ডুগপোৱেমাক উপাসনা কৰা হয়৷ ভূটানত সকলো পূজাপাতল আৰু মাংগলিক কামত চাঙ মানে সুগন্ধি ধূপ -ধূনা জ্বলোৱাটো অনিবাৰ্য্য ৷

ধূপ-ধূনা কেবল সুগন্ধিত নৈবেদ্যই নহয় ই ইশ্বৰৰ ওচৰত ভক্তৰ বহু প্রস্তাব ব্যক্ত কৰাৰ কাৰণে এটা মাধ্যমো । ধূপ-ধূনা জ্বলাই দিয়াৰ লগে লগে অন্যান্য পদার্থবোৰ প্রথমে গভীৰ মহাশূন্যৰ মাজত শুদ্ধ হৈ যায় তাৰ পাছত ধোঁৱাৰ কুণ্ডলীবোৰ অলৌকিকভাবে মহাশূন্যৰ সম্প্ৰসাৰণত ওপৰলৈ উৰি যায়, এটি য্যোগ প্রক্ষেপনৰ মাধ্যমেৰে এই ধোঁৱাৰ নৈবেদ্য মেঘলৈ ৰূপান্তৰিত হয়। ধোঁৱাৰ নৈবেদ্য মেঘবোৰ বহু গুণে মহাব্যোমত আৱৰি পৰে আৰু বিভিন্ন জনলৈ শ্ৰদ্ধা আৰু ভক্তিৰ নৈবদ্য কঢ়িয়াই নিয়ে ৷ বৌদ্ধ সাহিত্যৰ মতে এই নৈবদ্য বিশেষ চাৰি সিদ্ধৰহে প্ৰাপ্তি হয় ৷

১. যি সকল বুদ্ধৰ দৰে জ্ঞানী আৰু শ্ৰদ্ধাৰ পাত্র ২. আকাশৰ দেবতা যি সকল মহৎ গুনৰ অধিপতি আৰু ধৰ্ম ৰক্ষক৷ ৩. ছয় জগতৰ সংবেদনশীল সত্বা, যিসকলে অস্তিত্ব চক্রৰ ভূক্তভোগী আৰু মমত্ববোধৰ যোগ্য। ৪. অতৃপ্ত আত্মা যি সকলৰ ওচৰত পূৰ্ব জন্মত ঋণ পৰিশোধ কৰিব পৰা নগল ৷ ধুপধুনাৰ পৰা উদ্ভাৱিত মেঘৰ নৈবেদ্যৰে সন্তুষ্ট হৈ আহ্বান কৰা এই চাৰি সিদ্ধিই প্ৰাৰ্থনাকাৰী সকলক আশীৰ্বাদ কৰে ৷ ব’লা বাচা গুৰু ৰিনপোচেৰ আশীৰ্বাদত আমাৰ যাত্ৰাপথৰ বিঘিনি আঁতৰি গৈছে ৷ আমি আৰু পলম নকৰি থিম্ফুলৈ গমন কৰা উচিত হ’ব ৷ তোমাৰ ড্ৰাইভাৰ জনেও বিৰক্তি পাব পাৰে ৷ তুমি বৰ সৰল, উদাৰ আৰু ধাৰ্মিক ল’ৰা ৷ এটা এই আধা ঘন্টাৰ যাত্ৰাপথত তোমাক তোমাৰ জীৱনৰ দুটামান গোপন কথাৰ সম্ভেদ দিম ৷ তুমি নিজকে চম্ভালিব পাৰিলে কিছুমান অবাঞ্চিত কষ্টৰ পৰা মুক্ত হ’বা ৷ ধৰ্মাত্মা লামাজনৰ মুখৰ কথাখিনি এইবাৰ অভিনন্দনে নিজক আৰু ধৰি ৰাখিব নোৱাৰিলে ৷ সি ধৰ্মাত্মা লামাজনৰ ভৰিখনত ধৰি কলে- মহাপুৰুষ আপোনাক বাটতে পাই যোৱাটো মোৰ অতি কাৰণে অহোভাগ্য , কিন্ত আপুনি মোৰ মনৰ কথাবোৰ কেনেদৰে জানিব পাৰিছে, আৰু মোৰ দৰে সামান্য পঠিক এজনৰ প্ৰতি সদয় হৈ কিয় ইমান কম সময়তে ইমান বোৰ ধৰ্ম আৰু ৰহস্য জ্ঞান দিছে? ই মোৰ বাবে সচাঁই এটা সাথৰ হৈ পৰিছে ৷ গতিকে দয়াময় আপুনি মোৰ মনত উদয় হোৱা প্ৰশ্নসমূহৰ উত্তৰ দিবনে? ‘ওঁম মনি পদ্মে হুম ‘ ধৰ্মাত্মা লামাই হাতৰ জপমালাডাল অভিনন্দনৰ কপালত লগাই দি কলে- বলা বাচা, গাড়ীতে বহি তোমাৰ প্ৰশ্নৰ উত্তৰ দিও, ন কি কোৱা৷

ধৰ্মাত্মা লামাজনৰ প্ৰস্তাৱক সমৰ্থন জনাই অভিনন্দন লামাজনৰ সতে কেকৰীটোৰ সিপাৰে ৰৈ থকা টেক্সিখনলৈ খোজ দিলে৷

#Assamesegolpa #Axomiyagolpa #bihangam #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page