top of page

বিহংগম (পঞ্চম খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে

বৌদ্ধ ধৰ্মত জল ইশ্বৰৰ কাৰণে আটাইতকৈ পবিত্র, নিৰ্মল, স্বচ্ছল আৰু উৎকৃষ্ট অঞ্জলি বুলি মনা হয়৷ সেই কাৰণে লামা সকলে পবিত্ৰ জল চতিয়াইহে পূজা পাতল আদিৰ সুভাৰম্ভ কৰে৷ তেওঁলোকে যাত্ৰা পথত পোৱা পবিত্ৰ নদী বা নিজৰাৰ পৰা জল সংগ্ৰহ কৰাটো এটা পৰম্পৰাগত ৰীতিও৷ মহাত্মা লবজান থিনলে দৰজী এ অভিনন্দনক উদ্দেশ্যি কথাখিনি কৈ ইষ্ট দেৱতাক স্মৰণ কৰি পানীত ডুব মাৰিলে৷ জাগীমিনচুৰ পবিত্ৰ হিম চেঁচা পানীত ভৰি থোৱাৰ লগেলগেই অভিনন্দন ঠান্ডাত শিঞৰি উঠিল ৷ হৰি ওঁম হৰি ওঁম বুলি উচ্চাৰণ কৰি সিও মহাত্মা লামাৰ কাষতেই পানীত ডুব মাৰিলে৷ চেচা পানীত ডুব লগোৱাৰ পাছত তাৰ কিছু পৰিমানে দেহৰ শীতলতা কমি যোৱা যেন অনুভব হ’ল৷ মহাত্মা লামাই তাৰ মনৰ ভাব বুজি পাই কলে, তিব্বত সীমান্ত আৰু হিমালয় গিৰিমালাৰ পৰা ওলাই ভূটানৰ মাজেৰে বৈ যোৱা নদীসমূহৰ পানীত বহুত পৰিমাণে মহৌষধি মিহলি থাকে৷ হিমালয় গিৰিমালাৰ জংঘলৰ মাজৰ নানান ঔষধি বন বিৰিখ জান জুৰিৰ পানীৰ সতে মিহলি হৈ ভৈয়ামলৈ বৈ আহে ৷ নানান ৰাসায়নিক পদাৰ্থ যেনে চালফাৰ, ফচফৰাচ, পটাছিয়াম, বেন্টনাইত আৰু ৰূপ আদি পদাৰ্থ এই নদীৰ জলৰাশিত থকাও প্ৰমাণিত হৈছে ৷ কিন্ত দুখৰ কথাটো হ’ল সমস্ত ভূটানবাসীৰ আৰাধ্য এই পবিত্ৰ নদীবোৰ ভাৰতৰ ভূমিত প্ৰবেশ কৰাৰ লগে লগেই তাৰ আদৰ নাইকিয়াই হৈ পৰে ৷ কিন্ত অতীজত এই নদীসমূহ ভাৰত পূন্যভূমিৰ লোক সকলৰো পূজ্য আছিল৷ কিন্ত সময়ৰ সোঁতত ধৰ্ম আৰু কৰ্মৰ পৰিবৰ্তনৰ লগে লগে এই পৰম্পৰা লোপ পাব ধৰিলে৷ মানুহে গেলা পঁচা জাবৰ জোথৰ আৰু ৰাসায়নিক বিষাক্ত দ্ৰব্য পেলাই নদীৰ পানী প্ৰদূষিত কৰিবলৈও কুন্ঠাবোধ নকৰা হ’ল৷ নদীসমূহ মাতৃ স্বৰূপীনি পৃথিৱীৰ স্তনৰ পৰা বৈ থকা পবিত্ৰ পুস্তিকাৰক অমৃত আৰু ইয়াৰ সংৰক্ষণ কৰাতো আমাৰ কৰ্তব্য৷ কথাখিনি কৈ মাহাত্মা লামাজনে অভিনন্দনক জামোলহাৰি পৰ্বতৰ ফালে মুৰ দোৱাই আশীৰ্বাদ লবলৈ ক’লে৷ পৰ্বতপিতা কাঞ্চনজংঘাৰ ভাৰ্য্যা জামোক ভূটান আৰু তিব্বতত শক্তিৰ অধিষ্ঠাত্ৰী ৰূপত পূজা কৰা হয়৷ তেওঁকেই পাৰোবাসীয়ে ইষ্ট দেৱতা হিচাপে পূজে ৷ তেওঁৰ আশীৰ্বাদ অবিহনে ভূটান অসুৰক্ষিত ৷ মা জামোলহাৰিৰ আচলতেই পাৰোৰ বিখ্যাত টাকাটচাঙ্ মনেষ্ট্ৰী (টাইগাৰ নেষ্ট মন্দিৰ) আৰু নীলা মন্দিৰ অৱস্থিত ৷ তুমি ভূটানৰ পৰা উভতি যাওতে শাক্যমুনি বুদ্ধৰ দ্বিতীয় অৱতাৰ প্ৰভূ পদ্মসম্ভাৱাই দিব্যজ্ঞান প্ৰাপ্তি কৰা সেই পবিত্ৰ স্থানত মুৰ দোৱাই যাবা৷ তোমাৰ ভবিষ্যত মংগল হ’ব৷ “ওঁম মনি পদ্মে হুম” বুলি উচ্চাৰণ কৰি মাহাত্মা লামাজন আৰু টেক্সি ড্ৰাইভাৰজন নদীৰ পৰা পাৰলৈ উঠি যোৱাৰ পাছত অভিনন্দনে লাহে লাহে পানীৰ পৰা পাৰলৈ বুলি খোজ ললে৷ তাৰ কাৰনে লাহে লাহে সকলোবোৰ যেন ৰহস্যজনক হৈ পৰিব ধৰিছে৷ সি কি উদেশ্য লৈ আজি থিম্ফুলৈ আহিছিল আৰু এতিয়া সি কি কি কৰিব ধৰিছে৷ সকলোবোৰ বাৰু পূৰ্বৰে পৰা নিৰ্ধাৰিত অনুযায়ী হৈ যাব ধৰিছে নেকি৷ পাৰো বিমানবন্দৰৰ পৰা ওলাই অহাৰ পাছতেই তাৰ অনুসন্ধিৎসু মনটোৱে কাৰোবাক বিচাৰিছিল যিয়ে কিম্বদন্তিৰ দেশখনৰ বিষয়ে তাক ক’ব৷ আৰু আচম্বিতে মহাত্মা লামাজনে তাৰ মনৰ সকলো গোপন অভিলাষ পুৰণ কৰি গৈছে৷ এইয়া চাগে সচাঁকৈয়ে প্ৰভূ শাক্যমুনি বুদ্ধৰে লীলা বুলি মনতে ভাবি অভিনন্দনেও মুখৰ ভিতৰতে “ওঁম মনি পদ্মে হুম” বুলি আওৰাব ললে৷ নদীৰ পৰা উঠি পাৰ পাওঁতেই হাতীয়ে চিঞৰ মৰা দৰে দুই তিনিবাৰ মান পাহাৰৰ মাজত গুঞ্জিত হোৱা শব্দটো শুনি অভিনন্দনে অনুসন্ধিৎসুক ভাবে সেইটো কিহৰ শব্দ বুলি মহাত্মা লামাক সুধিলে৷ সেইয়া ডুঙ-চেনৰ শব্দ৷ ভূটান আৰু তিব্বতত পূজা পাতল কৰিলে এবিধ দীঘল শিঙা (ডুঙ-চেন), সৰু শিঙা (গ্যালিঙ), টিংচা (তাল),নাগাৰা (চয়ে-ন্গা) আৰু শংখ (কাৰ-ডুঙ) বজোৱা নিয়ম আছে ৷ এইবোৰ বাদ্য যন্ত্ৰৰ শব্দত বেয়া আত্মা আৰু অপশক্তি বোৰৰ পতন হয়৷ আজিৰ বিজ্ঞানেও শব্দশক্তি বিভিন্ন ধৰণৰ কাৰ্য্যত ব্যৱহাৰ কৰিব ধৰিছে৷ ডুঙ-চেন এবিধ দহৰ পৰা বাৰফুট দিঘল তিববতীয় পেঁপা৷ তিব্বতত আকৌ এই বিশেষ পেঁপাটোক ৰাগ- ডুঙ বুলিহে কয়৷ প্ৰায় ৮৩৬ খ্ৰীষ্টাব্দত তিব্বতৰ ৰজা লেঙ ডাৰ্মাই দেশত বৌদ্ধ ধৰ্ম নিষিদ্ধ কৰি অতীজৰ বন বুলি ধৰ্মীয় বিশ্বাস বলবৎ কৰিছিল৷ সেই সময়খিনি তিব্বতত ধৰ্ম যুদ্ধৰ সূচনা হৈছিল৷ বৌদ্ধলামা সকল প্ৰানৰ মমতাত ভূটান আৰু ভাৰতৰ বিভিন্ন স্থানলৈ পলায়ন কৰিছিল৷ ১০৪০ খ্ৰীষ্টাব্দ মানত পশ্চিম তিব্বতৰ ন্ঙাৰি প্ৰদেশৰ ৰজা ল্হা-চুন-জাংচুপ-ৱৌ এ ভাৰতবৰ্ষৰ প্ৰসিদ্ধ বৌদ্ধগুৰু অতীশক তিব্বতত বৌদ্ধ ধৰ্মৰ পুনৰ্স্থাপনৰ হেতু নিমন্ত্ৰণ জনাই প্ৰথম বাৰৰ বাবেএই পেপাঁ বজাইছিল৷ ৰীতিমতে সদায়েই দুটা ডুঙ-চেন পেঁপা একলগে বজোৱা হয়৷ মহাত্মা অতীশৰ আচল নাম আছিল অতীশ দীপাংকৰ শ্ৰীজ্ঞান৷ তেওঁৰ পিতৃৰ নাম আছিল কল্যাণ শ্ৰী আৰু মাতৃ প্ৰভাৱতী৷ ৯৮২খ্ৰীষ্টাব্দত মহাত্মা অতীশৰ জন্ম হৈছিল তেতিয়াৰ অখণ্ড ভাৰতৰ বিক্রমপুৰ (এতিয়া বাংলাদেশৰ মুছিগণ্জ) ত৷ মহাত্মা অতীশে সফলতাৰে তিব্বতত বৌদ্ধ ধৰ্মৰ পুনৰ্স্থাপন কৰিছিল৷

“ওঁম মনি পদ্মে হুম” বুলি উচচাৰণ কৰি মহাত্মা লামাই অভিনন্দনৰ মুৰৰ তিতি থকা চুলিখিনি মৰমেৰে তাৰ হাতৰ গামোচাখনৰে মচি দি পুনৰ কবলৈ ধৰিলে, বৌদ্ধ ধৰ্মৰ বজ্ৰায়ান শাখাৰ মতে শাক্যমুনি বুদ্ধৰ আঠোটা প্ৰতীকৰ ভিতৰত কাৰ-ডুঙ (শংখ) ও এটা পবিত্ৰ প্ৰতীক৷ কাৰ-ডুঙ মানে এই শংখটোৱে মহাত্মা মহাপ্ৰভূ বুদ্ধই প্ৰদান কৰা দীক্ষাৰ খ্যাতি সূচায়৷ শংখ একমাত্ৰ বাদ্যযন্ত্ৰ যাৰ পৰা ওলোৱা শব্দ-ধ্বনি দশোদিশে সমান বেগত বিয়পি পৰে৷ এই শংখই মহান বৌদ্ধধৰ্মৰ সত্যতাক নিৰ্ভীক ভাবে চাৰিও দিশে প্ৰচাৰ কৰে৷ তুমি ভূটানৰ সকলো স্থানতেই এইবোৰ বাদ্য যন্ত্ৰৰ শব্দ আৰু মন্ত্ৰ ধ্বনি শুনিব পাবা৷ মনদি শুনিলে এই মন্ত্র ধ্বনিয়ে তোমাৰ মনৰ অৱসাদ আৰু অস্থিৰতা দূৰ কৰি দিব৷ মহাত্মা লামাৰ সৰল আৰু তথ্যপূৰ্ণ সাৱলীল কথা বতৰাই অভিনন্দনক মুহি পেলাইছিল৷ সি নিৰলে মহাত্মা লামাৰ কথাবোৰ গুৰুত্বসহকাৰে শুনি গৈছিল ৷ নদীৰ পাৰত এজন ভূটীয়া মানুহে জাগীমিনচুৰ পাৰত গোল গোল শিল কিছুমান জাপ জাকৈ ৰাখি ৰদত গৰম কৰি থকা দেখা তাৰ মনত আকৌ কৌতুহল জাগি উঠিল৷ সি লামাজনক কথাটো সোধাত তেওঁ কলে – এই নদীৰ পানী বহু ঔষধি আৰু সেয়েহে নদীৰ শিল সমূহৰো ঔষধি গুণ থকাটো স্বাভাৱিক ৷ শিল সমূহ ৰদৰ তাপত গৰম কৰি তাৰ,সেক ল’লে বাত-বিষৰ পৰা উপশম পাব পাৰি৷ সেই বাবে তেওঁ শিলবোৰ ৰ’দাই আছে৷ আহা এতিয়া আমি গাড়ীত বহো৷ এতিয়াও আমি থিম্ফুলৈ বহু দূৰ পথ যাবলৈ আছেই৷ অবশ্যে তোমাৰ কথা সুকীয়া তুমিটো দীঘলীয়া আৰু দূৰ্গম যাত্ৰা ভালেই পোৱা৷ ব’লা তোমাক গোটেই ৰাস্তা মই টাকাটছাম মনেষ্ট্ৰী আৰু মহাগুৰু পদ্মসম্ভাৱাৰ মাহাত্ম্যৰ কথা কম৷ তুমি শুনি ভালেই পাবা৷ মহাত্মা লবজান থিনলে দৰজীৰ কথাষাৰ শুনি অভিনন্দন থতমত খালে৷ লামাই তাৰ মনৰ প্ৰতিটো কথাই কেনেদৰে গম পাই যায়৷ লামাজন যাদুকৰ নেকি বাৰু নে তাৰ সৰলতাৰ সুযোগ লৈ তাক বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰোৱাৰ মতলব লৈছে৷ তথাপিও কিয় জানো তাৰ লামাজনৰ প্ৰতি অন্তৰৰ ভক্তি আৰু সন্মান উপচি পৰিছিল তেওঁৰ মুখৰ প্ৰতিটো কথাই তাৰ কাৰণে অমূতবানী যেন লাগিছিল৷ অভিনন্দনে কাপোৰ কানি খিনি বেগত সুমুৱাই লৈ মহাত্মা লামাৰ পাছে পাছে গৈ গাড়ীৰ ওচৰ পালেগৈ৷

0 views0 comments

Commenti


bottom of page