top of page

বিহংগম (দশম খণ্ড) – যাদু আৰু সাধুৰ দেশৰ দিহিঙে দিপাঙে

মাজনিশাৰ থিম্ফু চহৰৰ দেহ শিৰশিৰাই যোৱা ঠান্ডা বতাহজাকৰ পৰশ লৈ অভিনন্দন হোটেল গালিংখাৰ ৰিচেপচন কাউন্টাৰ পালেগৈ৷ চকীত বহি টোপনিয়াই থকা ডেকা ৰিচেপচনিষ্ট জনক সি মাত দিয়াৰ লগে লগে থতমত খাই উঠিল ৷ ইংৰাজীতে সি ভাগৰত লালকাল দি শুই পৰাৰ বাবে ৰাতিৰ খাজ খাবলৈ নহ’ল বাবে তাৰ এতিয়া ভোক লাগিছে বুলি জনালে ৷ ৰিচেপচনিষ্ট জনে অভিনন্দনৰ কথাখিনি শুনাৰ পাছত কলে যে মই আপোনাৰ অসুবিধাৰ বাবে অতি দুঃখিত ৷ কিন্ত আমাৰ খানা বনোৱা ৰান্ধনিজন ৰাতি এঘাৰ বজাতেই গুচি যায় ৷ আপুনি যদি বিচাৰে মই আপোনাক অলপ বিস্কুট আৰু আপেল দিব পাৰো ৷ অলপ চাহৰ সতে খাই ললে কিছু পৰিমাণে আপোনাৰ ভোক আতৰিব ৷ অভিনন্দনে ৰিচেপচনিষ্ট জনক ধন্যবাদ জনাই মেগী বা কিবা তেনেকুৱা জাতীয় কিবা নুডলচ পোৱা যাব নেকি সুধিলে ৷ কাৰণ ময়দাৰ বিস্কুট খালেই তাৰ বুকুখন জ্বলাপোৰা কৰে ৷ ৰিচেপচনিষ্ট জনে তেনে কোনো বস্তু আছে যদিও ৰান্ধনিঘৰৰ আলমাৰিৰ চাবিকাঠী ৰান্ধনিজনৰ লগতহে থাকে বুলি জনোৱাত বিফল মনোৰথ হৈ নিজৰ ৰুমলৈ আহি পানী এগিলাচ পি বিচনাত বাগৰ দিলে ৷ হিম চেঁচা পানীটুপিয়ে তাৰ শৰীৰ জোকাৰি দিলে ৷ ঠান্ডাত কুচি মুচি হৈ সি কম্বলখন মেৰিয়াই বিচনাত বাগৰ দিলে ৷ ভাত জ্বাৰ,ভোক জ্বাৰ, ভুত, প্ৰলয় আৰু উৎপত্তি জ্বাৰ ৷ দেউতাকৰ মুখৰ কথাষাৰ অভিনন্দনৰ মনত পৰি গ’ল দেউতাকে সদায়েই কৈছিল শীতৰ দিনক বাদে মানুহৰ আৰু পাচোটা কাৰণত জ্বাৰ লাগে ৷ ভাত খালে , ভোক লাগিলে, ভুতৰ ভয় খালে, প্ৰলয় কাল আৰু জন্ম পোৱাৰ লগেলগে সন্তানটোৱে জীৱনৰ প্ৰথম জ্বাৰ অনুভব ৷ পেটৰ ক্ষুধাৰ জ্বালাত তাৰ আজি ভোক জ্বাৰ লাগি জ্বৰ নুঠিলেই ৰক্ষা ৷ মুৰৰ টিংটিঙনিটো বাঢ়ি অহাৰ বাবে পায়জামাৰ পকেটৰ পৰা অভিনন্দনে অলপ ভিক্স লগাই লৈ ইলেক্ট্ৰিক কেটলীটোত অলপ পানীকে গৰম হবলৈ দিলে ৷ উপায় নাই যিহেতু একাপ গৰমপানীৰ লগত দুখন বিস্কুট খালেই অলপ ভোক আতৰিব ৷ পানী কাপ গৰম কৰি বিস্কুটখনত কামোৰ মাৰিব লওঁতেই ডিং ডং কৈ তাৰ ৰুমৰ কলিংবেলটো বাজি উঠিল ৷ মাজনিশা খন আকৌ কোন আহিল বুলি দুৱাৰখন খুলি দিয়াত হাতত টিফিন বক্স এটা লৈ ৰিচেপচনিষ্ট জন আৰু এজন ভুটীয়া মানুহ তাৰ ৰুমলৈ সোমাই আহিল ৷ মহাশয়, আপোনাৰ অসুবিধাৰ বাবে আমি অত্যন্ত দুঃখিত ৷ আচলতে আপুনি শুই থকাৰ বাব চাগে নিশাৰ আহাৰ গ্ৰহণ কৰা নহল চাগে ৷ আপোনাৰ অসুবিধাৰ কথা ৰিচেপচনিষ্ট মি:ৰিনজিনে মোক ফোন কৰি ক’লে ৷ মই হোটেল গালিংখাৰ মেনেজাৰ কিনলে দৰজী ৷ আপুনি মেগী খাম বুলি কোৱাৰ কাৰণে ঘৰতেই বনাই লৈ আহিলো ৷ কিনলে দৰজীৰ কথাখিনি শুনি অভিনন্দন স্তম্ভিত হৈ পৰিল ৷ গালিংখাৰ ৰিচেপচনিষ্ট জনৰ তত্পৰতা আৰু মেনেজাৰ কিনলে দৰজীৰ সংবেদনশীল প্ৰতিক্ৰিয়াৰ কাৰণে কি বুলি শলাগিব সি ভাষা বিচাৰি নাপালে ৷ মাজৰাতি হোটেল গালিংখাৰ দুয়োজন লোকৰ আতিথ্যত অভিনন্দন গদ্ গদ্ হৈ পৰিল ৷ ধন্যবাদ জনাই সি মেগীখিনি পৰম সন্তোষেৰে গ্ৰহণ কৰিলে ৷ পেট ভৰাই মেগীখিনি খোৱাৰ পাছত বিছনাখনত বাগৰ দি অভিনন্দনে মনতে ভাবিলে, যোৱাৰ পোন্ধৰ বছৰত কৰ্ম সুত্রে সি কমেও শতাধিক বাৰ দেশী বিদেশী সাধাৰণ লজৰ পৰা পঞ্চ তাৰকা হোটেলত থাকিছে ৷ বহুবাৰ দিন অথবা ৰাতিৰ আহাৰ খাবলৈ পোৱা নাই ৷ কিন্ত ৰান্ধনি নথকা স্বত্বেও মাজৰাতি কোনোবা হোটেল মেনেজাৰে অতিথিৰ বাবে ঘৰৰ পৰা খোৱা বনাই অনা কথা সি ভাবিবই পৰা নাছিল ৷ এইয়া একমাত্ৰ ভূটানৰ দৰে সৰলমনা ধৰ্ম পৰায়ন দেশ এখনতহে চাগে সম্ভৱপৰ ৷ প্ৰথম দিনাখনেই অভিনন্দনে ভূটানৰ ভূমিত ভৰি দি ইমান বৰ্ণিল আৰু ৰঙীন অভিজ্ঞতাৰ সন্মুখীন হব বুলি সপোনটো ভবা নাছিল ৷ সি ভূটানলৈ আহিবলৈ পোৱা সুযোগকনৰ বাবে নিজকে ধন্য মানিলে ৷ এই কথা বোৰ ভাবি ভাবিয়েই এটা সময়ত অভিনন্দন টোপনিত লালকাল দিলে ৷ কৰবাৰ পৰা উটি অহা দেৱাল ঘড়ীৰ টংটংকৈ বজা ঘন্টাৰ শব্দত টোপনিত দেখি থকা এটা সপোনৰ মাজতে অভিনন্দন ঘকমকাই সাৰ পালে ৷ হাতৰ ঘড়ীটোলৈ চাই দেখিলে সাত বাজিছে ৷ অদ্ভূত সপোনটোৰ কথা কালি লগ পোৱা ধৰ্মাত্মা লামাক জনাবলৈ তাৰ বহুত মন গৈছিল ৷ কিন্ত সি ক’ত বিছাৰি পাব সেই সৰ্বজান্তা লামাজনক ? তেওঁক বিছাৰি উলিওৱাটো বহুত কঠিন হ’ব ৷ কিন্ত তাৰ এনে লাগিছে সি দেখা অদ্ভুত সপোনটোৰ আৰত যেন কিবা ৰহস্য লুকাই আছে ৷ গতিকে সেই সপোনটোৰ অৰ্থ কাৰোবাক সুধিবলৈ তাৰ খুব মন গ’ল ৷ বিছনাৰ পৰা উঠি গা মুৰ ধুই এপাক বাহিৰলৈ গৈ ওচৰ পাজৰে কোনোবা মন্দিৰ আছে নেকি সম্ভেদ লবলৈ মন গল তাৰ ৷ কাৰণ বেয়া সপোন দেখিলে সি সদায়েই মন্দিৰলৈ গৈ ভগৱানৰ ওচৰত সপোনটোৰ পৰা হব পৰা বিপদ আপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনাই ৷ কথাখিনি মনতে ভাবি গাত পানী মগ ঢালোতেই কোনোবাই তাৰ ৰুমৰ কলিং বেলটো বজোৱাৰ শব্দ তাৰ কানত পৰিল ৷ সি লৰা লৰিকৈ গাটো ধুই টাৱেলখন মেৰিয়াই বাথৰুমৰ পৰা ওলাই আহোঁতেই পুনৰ বাৰ তাৰ ৰুমৰ কলিংবেলটো বাজি উঠিল৷

#assamesekobita #assamesepoem #bihangam #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page