top of page

বিহংগম (একাদশ খণ্ড) – সাধু আৰু যাদুৰ দেশৰ দিহিঙে দিপাঙে

অভিনন্দনে তাৰ ৰুমৰ দুৱাৰখন খুলিয়েই দেখিলে সন্মুখত অচাৰাই হাতত এপাহ ৰঙা গোলাপ আৰু এটা লেফাফা লৈ ঠিয় দি আছে ৷ তাই মুখত মৰমলগা মিচিকিয়া হাঁহিটিৰে পুৱাৰ অভিবাদন জনাই তাৰ হাতত লেফাফাটো তুলি দি ক’লে, মহাশয় যোৱা ৰাতি হোৱা আপোনাৰ অসুবিধাখিনিৰ বাবে আমি দুঃখিত ৷ পুনৰ আপোনাৰ যাতে একো অসুবিধা নহয় তাৰ কাৰণে আমি আপোনাক অগ্ৰীম কুপন উপলভ্ কৰিছো যাতে আপুনি আপোনাৰ পুৱাৰ আৰু নিশাৰ আহাৰ সময়ত পাব পাৰে ৷ নিতৌ পুৱা সাত বজাৰ পৰা দহ বজালৈকে পুৱাৰ আহাৰ ডাইনিং হ’লতে পাব ৷ ৰুমত যদি খাদ্য পৰিবেশন কৰিব লাগে অনুগ্ৰহ কৰি আগতীয়াকৈ মোক জনাই দিব ৷ অচাৰাই সৰলতাৰে কোৱা কথাখিনি শুনি অভিনন্দনে তাৰ হাতৰ ঘড়ীটোলৈ চালে ৷ অচাৰাই কাৰণটো অনুমান কৰিব পাৰি ক’লে , মহাশয় আপুনি ঘড়ীটো ভূটানৰ স্থানীয় সময়ৰ সতে মিলাই লৈছেনে ? ভূটানৰ সময় কিন্ত ভাৰততকৈ আধা ঘন্টাৰ ব্যৱধানত আগতীয়া কৈ চলে৷ অহ্, মই এই কথাটো গমেই পোৱাৰ নাছিলো তুমি মোক জনাই দিয়াৰ বাবেই ধন্যবাদ অচাৰা ৷ বাৰু , তুমি মোক আৰু এটা সহায় কৰিব পাৰিবনে ৷ মই অলপ বজাৰৰ ফালে যাব ওলাইছো ৷ গতিকে মোক অলপ ভাৰতীয় মুদ্ৰাৰ পৰিবৰ্তে ভূটানী মুদ্ৰাৰ প্ৰয়োজন হৈছে ৷ অভিনন্দনৰ কথাখিনি শুনাৰ লগে লগে অচাৰাই আগ্ৰহেৰে তাক সহায় কৰিব সাজু হ’ল ৷ তাই ক’লে, সাধাৰণতে ভাৰতীয় টকা (₹) আৰু ভুটানী ন্ঙালট্ৰাম (Nu) মুদ্ৰাৰ মূল্য একে সমান ৷ ভূটানত ভাৰতীয় মুদ্ৰাৰ চাহিদাও বহুত বেছি ৷ প্ৰধানকৈ ভূটীয়া সকল ভাৰতৰ সীমামূৰীয়া অঞ্চললৈ গ’লে বজাৰ সামৰ আদি কৰিলে ভাৰতীয় মুদ্ৰাৰে বিনিময় কৰিব লগীয়া হয় ৷ ভাৰতীয় এক টকাৰ মূল্য ভূটানী এক ন্ঙালট্ৰামৰ সমান ৷ এশ চেৰটাম (Ch) মানে এশ পইছাত এক ন্ঙালট্ৰাম ৷ গতিকে আপুনিও ভাৰতীয় মুদ্ৰা লৈ বজাৰলৈ গ’লেও একো অসুবিধা নাপাব৷ অচাৰাই কথাখিনি কৈ থাকোতে অভিনন্দনে নিৰ্বাক হৈ ৰহ লাগি তাইৰ মুখলৈ চাই ৰ’ল ৷ কিবা যেন সাংঘাটিক আকৰ্ষণ আছে তাইৰ কথা বতৰা আৰু অনবৰতে তাইৰ ওঠত লাগি থকা মিচিকিয়া হাঁহিটিত ৷ যোৱা কালি ল’গ পোৱাৰ পৰাই তাইৰ বিজুলীৰ চমকনিৰ দৰে মিচিকিয়া হাঁহিটো কিবা তাৰ খুব ভাল লাগিব ধৰিছে ৷ তাইৰ কথা বতৰাও সমানে শ্ৰুতিমধুৰ৷ আজি পিন্ধি থকা মেৰুণ ৰঙৰ কিৰাযোৰ আৰু কঁকাললৈ পৰি থকা চুলিতাঁৰিৰে অচাৰাক এজনী যাদুৰ দেশৰ পৰীৰ দৰেই লাগিছিল তাৰ৷ মই এতিয়া যাব পাৰোনে বুলি কোৱা অচাৰাৰ মাতত অভিনন্দনে সম্বিত ঘূৰাই পাই লাজতে নিশ্চয়, নিশ্চয় বুলি তাইক ধন্যবাদ জনাই ৰুমলৈ সোমাই গ’ল৷ অভিনন্দনে কুপন কেইখন টেবুলৰ ওপৰতে ৰাখি পুৱাৰ থিম্ফু চহৰ খন এপাক মাৰি চোৱাৰ লগতে মন্দিৰ দৰ্শন কৰিবৰ উদ্দেশ্যে হোটেলৰ পৰা খোজ পেলালে৷ চোৰ্তেন লেম(পথ)ৰ দাঁতিত অৱস্থিত গালিংখা হোটেলৰ পৰা ওলাই বাওঁহাতে ঘুৰি পঞ্চাশ মিটাৰমান আহোতেই অভিনন্দন আহি এটা চাৰিআলিত উপস্থিত হ’ল ৷ ৰাতিপুৱা আঠ বাজিছিল যদিও ৰাস্তাত গাড়ী মটৰ নাইয়েই বুলিব পাৰি ৷ বৰফ শীতল ফেৰফেৰীয়া বতাহ এজাকে তাৰ গালে মুখ যেন আচুৰিহে গ’ল ৷ চাৰিআলিটোৰ পৰা সোঁহাতে পদ পথদি অভিনন্দন লাহে লাহে আগুৱাই যাব ধৰিলে ৷ দুই এজন দেশী বিদেশী চাইকেল চালক তাৰ কাষেদি পাৰ হৈ গ’ল ৷ তেতিয়াহে সি লক্ষ্য কৰিলে যে ইউৰোপ আদি আগশাৰীৰ দেশ সমূহৰ দৰে চাইকেল চলাবলৈ ঘাই পথত বেলেগে ট্ৰেক বনোৱা আছে ৷ থিম্ফুৰ পথবোৰ বেচ চাফ্ চিকুণ ৷ প্ৰত্যেকখন দোকানত সন্মুখত এটাকৈ আবৰ্জনা ৰখা বাকচ আছে ৷ কিন্ত সি থিম্ফুৰ কোনো দোকানৰ সন্মুখত, পথৰ দাঁতিত বা লাইটৰ পোষ্টত বিজ্ঞাপনৰ হৰ্ডিং অথৱা চাইনবৰ্ড নেদেখিলে৷ চোৰ্তেন লেম(পথ)ৰ দাঁতিত অৱস্থিত গালিংখা হোটেলৰ পৰা ওলাই বাওঁহাতে ঘুৰি পঞ্চাশ মিটাৰমান আহি অভিনন্দন এটা চাৰিআলিত উপস্থিত হ’ল ৷ ৰাতিপুৱা আঠ বাজিছিল যদিও ৰাস্তাত গাড়ী মটৰ নাইয়েই বুলিব পাৰি ৷ বৰফ শীতল ফেৰফেৰীয়া বতাহ এজাকে তাৰ গালে মুখ যেন আচুৰিহে গ’ল ৷ উইন্ড চিতাৰৰ চেইনডাল ডিঙিলৈ টানি সি চাৰিআলিটোৰ পৰা সোঁহাতে পদ পথদি লাহে লাহে আগুৱাই যাব ধৰিলে ৷ দুই এজন দেশী বিদেশী চাইকেল চালকে পেদেলমাৰি তাৰ কাষেদি পাৰ হৈ গ’ল ৷ তেতিয়াহে সি লক্ষ্য কৰিলে যে ইউৰোপ আদি আগশাৰীৰ দেশ সমূহৰ দৰে চাইকেল চলাবলৈ ঘাই পথত বেলেগে ট্ৰেক বনোৱা আছে ৷ থিম্ফুৰ পথবোৰ বেচ চাফ্ চিকুণ৷ প্ৰত্যেকখন দোকানত সন্মুখত এটাকৈ আবৰ্জনা ৰখা বাকচ আছে৷ কিন্ত সি থিম্ফুৰ কোনো দোকানৰ সন্মুখত, পথৰ দাঁতিত বা লাইটৰ পোষ্টত বিজ্ঞাপনৰ হৰ্ডিং অথৱা চাইনবৰ্ড নেদেখিলে ৷ জীৱনত প্ৰথমবাৰৰ বাবে এখন পাৰ্কত মুক্ত আকাশৰ তলত শৰীৰ চৰ্চাৰ কাৰণে সা-সৰঞ্জামৰ সুন্দৰ ব্যৱস্থাপনা দেখি অভিনন্দন বিস্ময়ত অভিভূত হৈ পৰিল ৷ পাৰ্কখনৰ সন্মুখত আঁৰি থোৱা সৰু ৰঙা ফলকখনত হালধীয়া আখৰেৰে লিখা আছিল মেইন্টেইন্ড বাই মিনিষ্ট্ৰি অফ্ হেল্থ, ৰয়েল কিংদম অফ্ ভূটান৷ অভিনন্দনে লগে লগে নিজৰ দেশৰ কথা ভাবিলে ৷ ভূটানতকৈ দহগুণে ডাঙৰ পৃথিৱীৰ সৰ্ব বৃহৎ গনতান্ত্ৰিক দেশখনৰ শাসক আৰু শাসন ব্যৱস্থাত এনে কি খুটিনাটি ৰৈ গ’ল যে আজি ভূটানৰ দৰে এখন সৰু দেশ প্ৰশাসনিক আৰু নৈতিক দিশত ইমান আগবাঢ়ি যাব সক্ষম হৈছে৷ আমাৰ দেশত মুক্ত আকাশৰ তলত যদি এনেদৰে মুল্যবান সা-সৰঞ্জাম ৰাখিবলৈ হয় তেন্তে ৰাতিৰ ভিতৰতে চুৰি হৈ যোৱাটো খাটাঙ৷ এক কামত নাহিলেও চোৰে চুৰ কৰি নিবই ৷ কথাবোৰ ভাবি আহি আহি অভিনন্দন থিম্ফু চহৰৰ আকৰ্ষণীয় ক্লক টাৱাৰ স্কোৱেৰ পালেহি৷ এটা ওখ গম্বুজৰ ওপৰত চাৰিও ফালে চাৰিটা প্ৰকান্ড ঘড়ীৰে আটোম টোকাৰি কৈ ৰখা হৈছে ক্লক টাৱাৰ স্কোৱেৰ৷ অভিনন্দনৰ বুজিবলৈ বাকী নাথাকিল যে যোৱাৰাতি আৰু আজি পুৱা ঘড়ীৰ ঘন্টাৰ শব্দ আচলতে ইয়াৰ পৰাই ভাঁহি গৈছিল বুলি৷ কংক্ৰিটৰ গেলেৰীৰ সৈতে আকাশৰ তলৰ মুক্ত প্ৰেক্ষাগৃহ ক্লক টাৱাৰ স্কোৱেৰৰ চাৰিওফালে সৰু বৰ বহুতো দোকান আছে যদিও পুৱা খোলাই নাছিল ৷ ক্লক টাৱাৰ স্কোৱেৰ চোতালত কিছুমান দেশী বিদেশী লোকে য্যোগাভ্যাস কৰি আছিল ৷ স্বচ্ছ আৰু নিৰল নিস্তব্ধ ঠাইখনত অভিনন্দনেও কিছুসময়ৰ কাৰণে তাতেই বহিব বুলি ভাবোঁতেই বতাহত কৰবাৰ পৰা কুলু কুলু শব্দ ভাঁহি অহা শুনি শব্দটো কৰ পৰা আহিছে উমান ল’বলৈ আগুৱাই গৈ দেখিলে এখন সৰু নদী ৷ নদীখনৰ পানী ইমানেই স্বচ্ছ আছিল সি নদীখনৰ সুগভীৰ তলিত ফিচা কোবাই কোবাই খেলি থকা সৰু ডাঙৰ ৰংবিৰংৰ মাছবোৰ সহজেই দেখি পাইছিল ৷ যোৱাকালি দেখা পাৰোশ্বুৰ দৰে এই নদীখনৰো পাৰবোৰ কংক্ৰিটৰে পকা কৰা ৷ নদীখন তাৰ নিজৰে পাচ বছৰমান আগতেই দেখা বাৰ্লিন চহৰৰ কাষেদি বৈ যোৱা শ্ৰী নদীখনৰ দৰেই লাগিল৷ সি পানী যুৱলিলৈ নামি পানীত হাতখন দিয়েই উচপ খাই উঠিল ৷ হিম চেঁচা পানী ৷ সি পানী যুৱলিৰ পৰা উঠি আহোঁতেই এজন ভূটীয়া ল’ৰাই তাক নদীখনৰ সোঁত বহুত তীব্ৰ বাবে পানীত নামিবলৈ মানা কৰিলে ৷ এই নদীখনৰ নাম থিম্ফু শ্বু বুলি লৰাজনৰ পৰা জানিব পাৰিলে৷ সি সোধাত লৰাজনে নাতিদূৰৈৰ মেলং লেমত এটা গনেশ মন্দিৰ আছে জনালে ৷ হাতৰ ঘড়ীটোলৈ চাই অভিনন্দনে দেখিলে ইতিমধ্যেই ন বাজিবৰ হ’ল ৷ দহ বজাত তাক ডীলাৰৰ অফিচ লৈ নিবলৈ মিঃ উগেন আহি পাবহিয়েই ৷ গতিকে মন্দিৰ দৰ্শনৰ আশা সিমানতেই সামৰি সি হোটেললৈকে খোজ দিলে৷ কিন্ত পুৱঁতি নিশাৰ আচৰিত সপোনটোৰ অৰ্থ জানিবলৈ সি কোনোবা লামা অথবা পুৰোহিতৰ সুধিবই লাগিব বুলি মনতে ঠিৰাঙ কৰিলে৷ পদ পথটোৱেদি হোটেললৈ আহি থাকোতেই এজন ধৰ্মাত্মা লামাক অথনি দেখা শৰীৰৰ চৰ্চাৰ ব্যৱস্থা থকা পাৰ্কখনত বহি থকা দেখি অভিনন্দনে মনৰ উৎকন্ঠা যেন আতৰি গ’ল৷ সি এখন্তেকো পলম নকৰি ধৰ্মাত্মা লামাজনক লগ পাবলৈ পাৰ্কখনলৈ বুলি আগবাঢ়িল৷

2 views0 comments

Comments


bottom of page