top of page

বাস্তব

  • Sahitya Chorcha
  • Jan 12, 2021
  • 1 min read

শাৰদীয় পূৰ্ণিমাৰ জোনাক নিশা স্মৃতিৰ পেৰা খুলি,সুমধুৰ ক্ষণ গণি উমাল কৰি তুলিব বিচাৰো শাৰদীয় আলফুলীয়া ৰাতি। উত্তাল সাগৰৰ উৰ্মীমালা ভেদি বিচাৰি ফুৰো তোমাৰ ঠিকনা দিবলৈ স্মৃতি গৰ্ভত থকা হৃদয়ৰ কথা লিখা নীলা খামৰ চিঠি। বাস্তৱ তুমি পাহৰিলা মোৰ হৃদয়ৰ ঠিকনা। ধূলিৰ ধূসৰ বাটে উৰুৱাই নিলে ঠিকনা। সৰু সৰু ঘৰত ডাঙৰ ডাঙৰ সপোন বৰষিছে মোৰ সেউজ ভাবত। জ্ঞানৰ গৰিমাত ৰিব্ ৰিব্ মলয়াত নাচে মন উলাহত। দুহাত মেলি নিলীমাক সুধিলোঁ দিবানে ঠিকনা বাস্তৱৰ নিষ্ঠুৰ বাস্তৱৰ সতে যুঁজি পাৰ হব খুজিছো ভব সাগৰ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page