বাস্তব
- Jan 12, 2021
- 1 min read
শাৰদীয় পূৰ্ণিমাৰ জোনাক নিশা স্মৃতিৰ পেৰা খুলি,সুমধুৰ ক্ষণ গণি উমাল কৰি তুলিব বিচাৰো শাৰদীয় আলফুলীয়া ৰাতি। উত্তাল সাগৰৰ উৰ্মীমালা ভেদি বিচাৰি ফুৰো তোমাৰ ঠিকনা দিবলৈ স্মৃতি গৰ্ভত থকা হৃদয়ৰ কথা লিখা নীলা খামৰ চিঠি। বাস্তৱ তুমি পাহৰিলা মোৰ হৃদয়ৰ ঠিকনা। ধূলিৰ ধূসৰ বাটে উৰুৱাই নিলে ঠিকনা। সৰু সৰু ঘৰত ডাঙৰ ডাঙৰ সপোন বৰষিছে মোৰ সেউজ ভাবত। জ্ঞানৰ গৰিমাত ৰিব্ ৰিব্ মলয়াত নাচে মন উলাহত। দুহাত মেলি নিলীমাক সুধিলোঁ দিবানে ঠিকনা বাস্তৱৰ নিষ্ঠুৰ বাস্তৱৰ সতে যুঁজি পাৰ হব খুজিছো ভব সাগৰ।




Comments