বিষাদ মন
- Sahitya Chorcha
- Jul 1, 2021
- 1 min read
নালাগে নিবিচাৰোঁ তোমাৰ আঁছতিয়া সপোন দুচকুত সাঁচি ৰাখিম শোকৰ চকুলোঁ। বতাহত উৰি যাব….. সংগোপনে হুমুনিয়াহ হৃদয়তে সাঁচি ৰাখিম আশাৰ বতৰা। মোৰ সুক্ষ্ম মনক নকৰিবা আলাই- আথানি নহ’লে প্ৰদিপৰ শলিতা নুমাই হৃদয়ত নামি আহিব যন্ত্ৰণাৰ এন্ধাৰ। চৰ্ত ৰাখি… তোমাৰ আঁছতিয়া সপোনেৰে বান্ধি নাৰাখিবা মোক… ডেউকা ভঙা পক্ষীৰ দৰে ভাঙি যাব আকৌ বুকুৰ আলয়।
Comments