top of page

বিষাক্ত ব্যাধি

মায়াবী স্বপ্নৰ উন্মাদনাত ঘোপ মৰা আন্ধাৰ নিশা উন্মুক্ত বক্ষৰ ৰম্য ভূমিত বিচৰণ।

অনুৰক্ত কামনাৰে উলঙ্গ শৰীৰ উপভোগত নিৰ্লিপ্ত ভাৱনাত এজাক পুৰুষ।

জীৱন জীৱিকাৰ এই নিষিদ্ধ কাৰখানা নগৰ চহৰৰ আন্ধাৰ গলিয়েদি সৰকি গলেই পায়।

কামদেৱৰ মুক্ত বিচৰণ আদিম যুগতো আছিল, সামাজিক স্খলন তেতিয়াও আছিল।

যুগৰ পৰিবৰ্ত্তনেও এই ধাৰা নিঃশেষ কৰিব পৰা নাই।

প্ৰলোভনৰ দুৰ্ভাগ্যই লগ নেৰা কণ্যা সন্তানৰ দৰ দাম হয় জঘণ্য দালালৰ হাতত।

ছিঃ ঘৃণাৰ এই প্ৰলোভিত ধাৰা নৰদস্যু হাতৰ পৰা কেতিয়া মুক্ত হব!

অন্ধকাৰ জগতত ভৰি থৈ যৌৱন বিক্ৰী কৰিবলৈ বাধ্য কৰাই নিষিদ্ধ গলিত।

এই ব্যাধি বিধ্বংসী অস্ত্ৰতকৈও বিষাক্ত।

1 view0 comments

Related Posts

See All

Comentarios


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page