top of page

বৈষম্যৰ প্ৰাচীৰ

  • Sahitya Chorcha
  • Dec 26, 2020
  • 1 min read

মই নিবিচাৰো, মোৰ পৰিশ্ৰান্ত দেহৰ বাবে লৱণু কোমল পাটী। বেৰৰ জলঙাৰে আকাশৰ তৰা লেখি মই শুনিব খোজো, উচ্চ-নীচ, ধনী-দুখিয়াৰ বৈষম্যৰ প্ৰাচীৰ ভঙাৰ সুতীব্র শব্দ। অস্পৃশ্যৰ সীমা ৰেখাৰ আৱেষ্টনীত আমি আজি আটায়ে বন্দী। সু-উচ্চ অট্টালিকা নতুবা উৰুখা পঁজাৰ, গাভৰুৰ দেহত সময়তেই সমানে যৌৱন আহে। জোন-বেলিৰ উদাৰ মানসিকতাই মোক সততে চুঁই যায়, দুখীয়াৰ উৱলা পঁজাতো বেলিয়ে সমানে পোহৰ দিয়ে। তএাচ, অন্তৰ্ভেদী ফল্গুধাৰা বোৱতী নহয়, পাষাণ ব্যক্তিৰ হৃদয়ে হৃদয়ে।

تعليقات


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page