top of page

বিষণ্ণতা

  • Sahitya Chorcha
  • Feb 8, 2021
  • 1 min read

আজি ৭২তম গণতন্ত্ৰ দিৱস সমস্তৰে মনত অপৰিসীম আনন্দ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে জনালে স্বাগতম।

হে বীৰসিংহ পুৰুষ সকল তোমাসবৰ ত্যাগ আৰু প্ৰাণৰ বিনিময়ত পালো গণতন্ত্ৰ দিৱস আকাশ জুৰি দেশক ভালপোৱাৰ প্ৰতিদানত প্ৰতি ফলিত হৈছিল স্বাধীনতাৰ অনাবিল শান্তি পৰাধীনতাৰ পৰা মুক্ত কৰি দিছিলা দীৰ্ঘশ্বাসৰ স্বাধীন ভাৰত।

হে মহান মহাত্মা সকল তোমাসবৰ বুকুৰ এইপ্ৰেমৰ সুবাস জীৱনৰ বিপন্নতা,অন্তৰ্মুখী জীৱনৰ বিষণ্ণতাৰ গান, আজি অন্ধকাৰত বিলীন হ’ল, সপোনবোৰ সপোন হৈয়ে থাকিল নুফুলিলে সুগন্ধিত ফুল মুক্ত নহ’ল পৰাধীনতাৰ শিকলি মাথোঁ চাৰিওফালে ব্ৰজপাতৰ নিনাদ পদে পদে আকাশ ‌জুৰি বোৱাই আনিছে ব’হাগত নিৰ্দয় বৰষুণৰ ঢল ঢলে আবতৰীয়া বাৰিষাৰ সৃষ্টি কৰি পৰিণত কৰিছে গম্ভীৰ স্থবিৰ মোহনাত।

আজি সময়ত বিলীন হোৱা ভীষণ অন্ধকাৰত নিবাস কৰা মন মগজুৰ প্ৰতিটো শব্দ তৰংগ ভবিষ্যতৰ বাতাবৰণ আশানুৰাগৰ বিষণ্ণতা মাথোঁ স্বাৰ্থপৰতাৰ ধ্বংসৰ বিপদাপন্নতাৰ প্ৰতিছৱিয়ে‌‌ দহিছে হৃদয়।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page