top of page

বিশ্বাস, অন্ধ-বিশ্বাস, কু-সংস্কাৰ, বিজ্ঞান ইত্যাদি-(খণ্ড১)

  • Sahitya Chorcha
  • Jul 7, 2021
  • 1 min read

মেকুৰী ৰাস্তাৰে পাৰ হৈ গ’লে গাড়ী ৰখাই দিব লাগে নেকি? এই কথাৰ কিবা যুক্তি যুক্ততা আছে জানো? এই অন্ধ বিশ্বাস কেৱল আমাৰ ইয়াতেই নহয় পৃথিৱীৰ বহু দেশত প্ৰচলিত। ইয়াৰ বৈজ্ঞানিক দিশৰ শুদ্ধতা বাখ্যানীয় নহয় যদিও কিছুমান লোক বিশ্বাস ইয়াৰ লগত জড়িত হৈ আছে। তাহানি ইংলেণ্ডত পোহনীয়া মেকুৰী শিশু সকলৰ মাজত যথেষ্ট মৰমৰ আছিল। বহু শিশু মেকুৰীৰ পাছে পাছে দৌৰি উমলি ফুৰিছিল। গতিকে ৰাস্তাই দি এটা মেকুৰী পাৰ হৈ গ’লে পাছে পাছে এটা শিশু দৌৰি অহাৰ সম্ভাৱনা থাকে। সেই বাবে মেকুৰী ৰাস্তাৰে পাৰ হৈ গ’লে সম্ভাব্য দুৰ্ঘটনা এৰাই চলিব লৈ গাড়ী ৰখাই দিয়াৰ এটা পৰম্পৰা আৰম্ভ হৈছিল। পিছলৈ ই অন্ধ বিশ্বাসত পৰিণত হ’ল। পুৰণি ইজিপ্তত মেকুৰীক দেৱী বুলি বিশ্বাস কৰা হৈছিল। ৰাজকুমাৰী ক্লীউপেট্ৰাৰো এটা মৰমৰ মেকুৰী আছিল। মেকুৰী হত্যা কৰাটো সেই দেশত পাপ বুলি গণ্য কৰা হৈছিল। চীন দেশত মেকুৰীক সৌভাগ্যৰ প্ৰতীক হিচাপে মনা হয়। হিন্দু ধৰ্মত মেকুৰীক পবিত্ৰ জীৱ বুলি জ্ঞান কৰা হয়। মেকুৰী দেৱী ষষ্ঠীৰ বাহন আৰু দেৱী ষষ্ঠীৰ অনুগ্ৰহতে সন্তান সন্ততি হয় বুলি ভবা হয়। গতিকে মেকুৰীক হত্যা কৰা টো মহাপাপ আৰু পৰিত্ৰাণৰ অৰ্থে এটা সোণৰ মেকুৰী গঢ়াই দিব লাগে বুলি কোৱা হয়। ৰাস্তাৰে মেকুৰী পাৰ হ’লে গাড়ী ৰখাই দিব লাগে বুলি ভবা অন্ধ বিশ্বাস হয়তো দেশে দেশে মেকুৰীক লৈ প্ৰচলিত এই লোক-বিশ্বাস বোৰৰে পৰিণতি।

Commentaires


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page