top of page

বিশ্বাসৰ কোৱাৰেন্টাইন

  • Sahitya Chorcha
  • Jan 4, 2021
  • 1 min read

ঐ অভিমানি মিচ্ অনামিকা বৰুৱা মন গ’লে আহিবা তোমাৰ বাবে খালি কৰি ৰাখিছোঁ তোমাৰ নামত খোদিত কৰা মৰমৰ কোৱাৰেন্টাইন।

বিশ্বাসৰ দুমোজাত পৰি তোমাৰ ওচৰত যাঁওতে চাগে চেনিটাইজাৰ লগাব লাগিব, কিন্তু, হৃদয়ত থকা যি বিশ্বাসৰ চেনিটাইজাৰ তাৰ স্পৰ্শক কেতিয়াও বজাৰৰ চেনিটাইজাৰে ম্লান কৰিব নোৱাৰে, তোমাৰ অভিমানি মনটোক মই বুজি পাওঁ অ’ মিচ্ অনামিকা বৰুৱা মই বুজি পাওঁ, তোমাৰো আছে মোৰ দৰেই এখন হৃদয় তোমাৰো আছে কাৰোবাক ভাল পাব পৰা এটা মন কিন্তু, এইটোও যানো মিচ্ অনামিকা বৰুৱা তুমি যে বিশ্বাসৰ দুমোজাত ডুবি আছা, মাথোঁ এবাৰ আহি চোৱা মোৰ হৃদয়ৰ কোৱাৰেন্টাইনলৈ যদি ওলাই যাব পাৰা, তেতিয়া যানিবা তোমাৰ প্ৰতি থকা বিশ্বাসৰ চেনিটাইজাৰৰ মূল্য , একেবাৰে কম।

ঐ অভিমানি মিচ্ অনামিকা বৰুৱা কিয় এনে হয় নাজানো নিশা ১২বজাত যেতিয়া তোমাক অনলাইন দেখোঁ খালি কোঠালিত ক’ৰবাৰ পৰা প্ৰতিধ্বনিত হয়, হৃদয়খন স্পন্দিত হয়, তুমি হেৰাই যাবা নেকি মোৰ একপক্ষীয় প্ৰেমক একপক্ষীয়ই কৰি। যদি পাৰা আহি চোৱা মোৰ হৃদয়ৰ কোৱাৰেন্টাইনলৈ চেনিটাইজাৰ নোহোৱাকৈ সোমাব পাৰিবা বুজি পাবা খালি হৈ থকা মৰমবোৰ কিমান বিষাক্ত, এনেকৈ খামুচি ধৰিব তোমাক ঐ‌ মিচ্ অনামিকা বৰুৱা, কৈছোঁ নহয় জীৱনটো বান্ধ খায় থাকিবা বিশ্বাসৰ কোৱাৰেন্টাইনৰ বন্ধ কোঠালিত।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page