top of page

বিলোৱা সৃষ্টিৰ অমৰ কঠিয়া

  • Jan 22, 2021
  • 1 min read

তুমি বাৰু কেতিয়াবা মানুহক ভাল পোৱাৰ মানসেৰে জোনাকৰ সৈতে খেলিছানে?

আউল লগা আধৰুৱা কল্পনাৰ ক্ষেত্ৰত ভাগৰুৱা কৈ খেলিছা চাগৈ?

কিন্তু জোনাকৰ লগত খেলিবাচোন কেতিয়াবা তোমাৰ চিন্তা ক্লিষ্ট, জৰ্জৰিত ভাৱনা বোৰক ৰোধ কৰি কেনেদৰে তোমাৰ বুকুৰ বাগিচা ফুলাই সজীৱ কৰি তুলিব।

স্নেহৰ ফাল্গুধাৰাৰে প্ৰীতিৰ পাপৰি খুলি চাবাচোন দেখিবা অন্তৰ্কোণ উৎফুল্লিত কৰি পৰিষ্কাৰ পবিত্ৰতাৰ নিবিড় পৰশ ঢালি ভগ্ন হৃদয়ৰ মন মন্দিৰত প্ৰতিষ্ঠিত হ’ব ছন্দোময় সুৰ -তালৰ গতি। ওঁঠত মিচিকিয়া হাঁহি বোৱাই অবিনাশী স্মৃতিৰে সৃষ্টিৰ অমৰ কঠিয়া হৃদয়ত ৰোপন কৰি ৰামধেনুৰ সাতো ৰঙে‌ মুক্ত মনে আহাচোন গাই যাওঁ সুমধুৰ পৰিকল্পনাৰে বুকুত অনেক উল্লাস ঢালি জীৱন জয়ৰ গীত।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page