top of page

বিপ্লৱৰ হাতুৰী

  • Sahitya Chorcha
  • Jun 23, 2021
  • 1 min read

সংগ্ৰামী আজি আমি সংগ্ৰামী কৃষক, শ্ৰমিক, হালোৱ, বনোৱ সৱে আজি আমি সংগ্ৰামী বিপ্লৱী আজি আমি বিপ্লৱী, কৃষকৰ ৰঙা তেজেৰে গাঠিম ঐক‍্য মিলনৰ মালাধাৰী কৃষকৰ মাটিত আমি কৃষকৰ নিচান উৰুৱাম। একেডাল দুলেৰে পাহাৰ বগাম। সংগ্ৰামী আজি….. পুজিপতি ধনী দালাল বংশক ন‍্যায় বিচাৰে কৰিম ধবংস অ‍ন‍্যায় অবিচাৰ ইয়াত নচলিব নাৰী ধষন ব‍্যভিচাৰ ইয়াত নচলিব সংগ্ৰামে গঢ়ি যাম নতুন সমাজ ঐক‍্য,শান্তি আমাৰ সংগ্ৰাম। সংগ্ৰামী আজি….. কৃষক মুক্তি আমি সংগ্ৰামী নাৰী মুক্তি আমি সংগ্ৰামী সংগ্ৰামে আনিম আমাৰ স্বাধীনতাক ইনক্লাৱ জিন্দাবাদ, ইনক্লাৱ জিন্দাবাদ কৃষকৰ বোৱাৰী আমি কৃষকৰ জীয়াৰী কৃষকৰ আশীক সীৰত লৈ আহা সৱে মিলিজুলি যাওঁ আগুৱাই। বুৰঞ্জীৰ জয়গান গোৱা দেশৰ আমি মানুহ শান্তি প্ৰয়াসী আমি মানুহ। ৰক্তপিপাষু দেশদ্ৰোহী দানৱক উফৰাই গঢ়ো নতুন সমাজ দৰিদ্ৰতা মানুহক ৰাখো জীয়াই ৰক্ষা কৰো দেশৰ মহানতাক।

コメント


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page