“বানপানীৰ ভয়াবহতা”
- Sahitya Chorcha
- Jan 19, 2021
- 1 min read
এটুপ এটুপকৈ কপালৰ ঘাম মাটিত পেলাই এমুঠি পোৱাৰ আশাৰে শুকান ঠৰঙা পথাৰখনিত হাল নাঙলৰে তৈয়াৰ কৰিলো বোকা মাটি গাঁৱৰ ডেকা-গাভৰুৰ হাতত কঠিয়া তুলি দি কৰিলো ধানৰ খেতি
ধাননিৰ সেউজীয়া ৰং সলনি হৈ লাহে লাহে পকিব ধৰিলে পথাৰখনি হ’ল সোনালী
হঠাত এদিন বৰলুইতৰ বিশাল বানপানী আহি সোনালী ৰঙে ভৰা ধাননি পথাৰখনি তহিলং কৰি তচনচ কৰিলে দুখীয়াৰ জীৱন প্ৰণালী
সাঁচি থৈছিলো অলপ সোনগুটি ভঁড়ালত সেই সোনগুটি ও আজি বানপানীৰ কবলত হাঁহ কুকুৰা গৰু ছাগলী ও উটিলে পানীত ঘৰবাৰী এৰি জীৱন কটাইছোঁ ৰাস্তা-পদূলিত
কোনে লব এই বিষম পৰিস্থিতিৰ বোজা কোনে বুজি পাব দুখীয়াৰ জীৱনৰ দুৰ্দশা ভবিষ্যতে অন্ত পৰিবনে এই জলন্ত সমস্যা নে পুণৰ উন্মুক্ত হব বানপানীৰ ভয়াবহতা?
Comments