বৈচিত্ৰময় পৃথিৱীৰ বৈচিত্ৰময় জীৱনৰ নানা ৰঙী বিচিত্ৰতাই মানৱক কৰি তোলে বিচিত্ৰ অভিনয়ৰ একো একোজন সফল অভিনেতা| যাৰ যি মন যায় সেই অভিনয়েৰে সজায় তুলিব পাৰে নিজৰ জীৱন| জীৱনৰ ৰঙ্গমঞ্চত নিজ নিজ অভিনয়েৰে কোনোবা হৈ পৰে দুৰ্যোধন, কোনোবাই শকুনিৰ অভিনয়েৰে ৰচনা কৰিব পাৰে নিজ অভিষ্টসিদ্ধিৰ ৰঙীন নাটক| মিছা-বেশ্যাৰ সংলাপ ৰচি ৰচি সৃষ্টি কৰে কৰ্ণৰ জীৱন| ডাষ্টবীনৰ পৰা ভাঁহি আহে জীৱন্ত শিশুৰ কৰুণ ক্ৰন্দন| কুকুৰ-শিয়ালে ভক্ষণ কৰে সদ্যজাতকৰ কোমল শৰীৰ| নিৰাপত্তাহীনতাত ভোগে নাৰী, দুৰ্ব্বলীজন। ক্ষমতালিপ্সুৰ স্বৈৰাস্বাৰীতাৰ সীমা বাঢ়ি বাঢ়ি গৈ দুৰ্বহ হৈ পৰে নিৰীহলোকৰ জীৱন| শান্ত-শিষ্ট অভিনেতা হৈ পৰে পৰৰ পদলেহন| মৰাক মাৰি খোৱাৰ খিয়লীয়া সংস্কৃতি গঢ়ি উঠে সৰ্বস্তৰৰ চুকে-কোণে| সহায় কৰাৰ মানসিকতা হেৰাই গ’ল বৈচিত্ৰময় পৃথিৱীৰ বুকুত|
বৈচিত্ৰ
Jan 4, 20211 min read
1 view0 comments
Comments