বৰ অসমৰ চাওফা
- Sahitya Chorcha
- Jan 30, 2021
- 1 min read
নিশব্দ ৰজনীৰ পহৰাত ব্ৰতী জাগ্ৰত আহোম সেনানী। সময় বোৰ পাৰ হৈছিল চকুযুৰি মুদি সপোন দেখাৰ প্ৰয়াস বিচলিত হৈ গৈছিল সপোন বৰ অসম গঢ় দিয়াৰ
সাৰ পালে অসমীয়াৰ প্ৰাণ, জাগ্ৰত প্ৰহৰি হোৱাৰ মন। যদিও চৌদিশে নিশব্দতা। জাগ্ৰত কেৱল বৰ অসমৰ গাঁৱলীয়া ডেকা কেইটা। সপোন বৰ অসম গঢ় দিয়াৰ।
জিৰণিত ব্যস্ত এলেহুৱা ডেকা সাৰে আছে জাগ্ৰত আহোম সেনানী। মন বিচলিত সত্বেও, সুৱৰিছে প্ৰতিজ্ঞাৰ কথা। সেনানীয়ে,নুশুনে শত্ৰুৰ বিননী। সপোন বৰ অসম গঢ় দিয়াৰ।
সদা জাগ্ৰত সেনানী স্বজাতিৰ বাবে, দেশৰবাবে। অকমন্য ব্যক্তিৰ সংজ্ঞা অৰ্থহীন জাতি গঠনৰ, সমাজ গঠনৰ। সেনানীয়ে বজাই সমন্বয়ৰ বীণ। সপোন বৰ অসম গঢ় দিয়াৰ।
১২২৮ চনত স্বৰ্গদেউ চুকাফাই স্থাপিত কৰিছিল বৰ অসমৰ সংজ্ঞা। সৰ্বজনবিদিত স্বৰ্গদেউ চুকাফা বৰ অসমৰ প্ৰথম চাওফা।
Comments