চ’ত মহীয়া ৰিঙা ৰিঙা বতৰত ধুলিৰ ধুমুহাই ছানি ধৰিছিল আকাশ।
শিমলু জোপাত খাপ পিটি থকা শগুণ জাকে ডেউকা কোবাই উৰা মাৰিছিল নিজ বাহলৈ।
তলভৰি সৰি পৰা শিমলু তুলাৰ শুভ্ৰ কোমল দলিচাত মন ভৰিছিল আকুলতাৰে।
মনৰ এচুকত বাহ লৈছিল বৰষাৰ আগমনৰ বতৰাই।
সিক্ত হ’ব ধৰণি সেউজী ৰহণ সানি কঢ়িয়াব আশাৰ বতৰা উপচি পৰিব মন।
পৃথিৱীয়ে সাৱটিব তোমাক হে বৰষা তুমি আহিবা মৰহা ফুলনিখন সেউজী কৰিবলৈ।
Comments