top of page

বহাগৰ বতৰা

পদূলিত উখলমাখল প্ৰাণৰে ৰঙালী বিহুৰে প্ৰাণোচ্ছল আখৰা৷ ৰঙাকৈ আঁচোৰে বুটা বচা গামোচা খনি তোমাৰ নামতে সামৰো৷৷ ঢেঁকীৰে চাবত কঁপিছে লিচিক লিচিকি কৈ লাহী কঁকালৰে ভাঁজ৷ জুৰুলি জুপুৰি কৈ তিতিছে লিপিট খাই দেহত ৰিহাৰ আঁচলৰে আগ৷৷ খুন্দিছো বকুল বৰা ধানৰে তেতেলী পটীয়া চিৰা৷ আহিবানে তুমি বিহুৰে দিনা খাবলৈ তিলৰে পিঠা৷৷ জুইশলাৰ আখলতে উলোমাই ৰাখিছো ম’হৰে আঠা দৈ৷ হেঁপাহেৰে খাবা কাঁহৰে বাটিতে মুঠি মৰা কোমল চাউল লৈ৷৷ আহোতে আনিবা কপৌফুল পাহি দিবা খোপাতে গুজি৷ ঘিলা কৈ খোপাতে জিলিকি পৰিব তোমাৰে পৰশ লাগি৷৷ দুটি ওঁঠতে বুলাই ল’ম টিকটিকিয়া ৰঙাকৈ বহমথুৰীয়ে বোল৷ দুহাতত বুলামে তুলবুলীয়া জেতুকাৰে ৰং দুচকুতে চকু ৰাখি যাম ভোল৷৷ গাতে মেৰিয়াম ৰিহাখনী সযতনে আচুঁৰি বান্ধিমে চুলি৷ তোমাৰে লগতে খোজে দিম বিহুৰে তলিলৈ হাততে হাত ধৰি৷৷

#assamesekobita #assamesepoem #bohagorbotora #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page