top of page

বসন্তৰ বৰষুণ

  • Sahitya Chorcha
  • Apr 24, 2021
  • 1 min read

বসন্তৰ এজাক বৰষুণে বাৰুকৈ আমনি কৰিছে মেঘৰ গজৰো নিনাদ আৰু ধেৰেকণীয়ে বাৰুকৈ তোমালৈ মনত পেলাইছে। এটোপ এটোপ বৰষুণে তোমাৰ লহ পহীয়া চুলি কেইটিক নতুন আশাৰ উদ্দিগ্নতা যোগাইছে এটোপাল বৰষুণে তোমাৰ উঠ দুখনিক আনন্দৰ জোৱাৰ যোগাইছে হৃদয় ৰ সাগৰত মৰমৰ বীজ ৰোপন কৰিছে। জিজাক বৰষুণে বহুত স্মৃতিৰ কথাকে ৰোমন্থন কৰাইছে এদিন তুমিয়ে কৈছিলা… বসন্তৰ প্ৰথম জাক বৰষুণত আমি তিতিম একেলগে একেখন ছাতি ৰ তলত। আজি তুমি য়ে ছাতি বিচাৰি গৈছা কাৰোবাৰ ওচৰলৈ আৰু তোমাৰ প্ৰেমিক বন্ধুয়ে তোমাৰ প্ৰতিচ্ছবি বিচাৰি আছে যত কুঁহিপাতে তোমাক আবৰি আছে আৰু কৃষ্ণ চুড়াই তোমাৰ সৌন্দৰ্য ত সুওগা আগবঢ়াইছে।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page