top of page

বসন্তৰ আগমনত

স্বৰ্কীয় প্ৰতিভাৰে বহাগ আহে পৃথিৱীলৈ। ঠেঁটুৱে ধৰা শীতত নিৰস হৈ পৰা,গছ-লতিকায়ো সজীৱ হৈ পৰে,বসন্তৰ আগমনত।

প্ৰকৃতিও হৈ পৰে উন্মনা, প্ৰাণৱন্ত হৈ পৰে প্ৰকৃতি আৰুবিহংগ পক্ষীগন। উলাহতে নাচি-বাগি উল্লাসিত হয় মন। সৃষ্টিৰ ৰহস্য ভেদ কৰি বসুমতী হৈ পৰে শষ্য-শ্যামলা।

আমে মলিয়ায় নতুন কুঁহিপাতে বিৰিখক কৰে শুঁৱনী, ফাগুনৰ পছোৱা বতাহ লগতে বৰদৈচিলাজনীয়ে দিয়ে চ’তৰ বিহুৰ বতৰা।

মন যে ৰাই-জাই কৰে, বাজে ঢ়োল-পেপা-গগনা। বিহু গীতৰ ৰাগিনীয়ে ডেকা-বুঢ়া সকলোকে কৰে বলীয়া।

সমন্বয়ৰ গীত জুৰি একত্বিকৰনৰ হেঁপাহেৰে, বিহুৱে আনে একতাৰ ডোল। আই মাতৃ জীয়াই থাকিব যেতিয়ালৈ একতাৰ অবসান নঘটিব। শতকোটি প্ৰনাম কৰিছো আই ঐক্য সংহতি বিহুৱেই ৰাখিব তোৰ সন্মান জীয়াই।

0 views0 comments

Related Posts

See All

Comentários


bottom of page