গছৰ কোমল কুঁহিপাত সুৰঞ্জিত বিভূষণত, কবিৰ হিয়া উৎফুল্লিত কুলি-কেতেকীৰ মধুসুৰত।
নাহৰ-তগৰ সুগন্ধিত বসন্তৰ আগমনত, ৰঙালী বিহুৰ পালন কপৌৰ সুবাসত।
উজাগৰ শীতনিদ্ৰা প্ৰাণী নিদ্ৰাৰ অন্ত, সকলো ঋতুৰ ৰজা ঋতুৰাজ বসন্ত।
অপাৰ মনোমোহা ৰূপ প্ৰকৃতিৰ বিভূতি, ৰসাল হৃদয়াৱন বসন্তৰ অনুভূতি।
Comentarii