বন্ধুত্বৰ অনুভৱেৰে
- Sahitya Chorcha
- Jan 16, 2021
- 1 min read
বন্ধুত্বৰ আত্মাই আত্মিক সহযোগীতা ৰমনীয়তাৰে নিৰবধি প্ৰৱাহমান য’ত সুন্দৰ শৈল্পিক তৰঙ্গযুক্ত মায়াময় বাস্তৱতা
অস্তসূৰ্য্যৰ বক্ষত চিৰন্তন দেদীপ্তমান সত্য নিষ্ঠ আস্থা প্ৰসাৰী উদয় হোৱাৰ শাশ্বত প্ৰতিশ্ৰুতিৰ প্ৰতীক্ষা
সুন্দৰ সৌন্দৰ্যময় অন্তৰস্নাতা অনন্ত পৱিত্ৰ সত্যসিদ্ধ প্ৰেম নিস্বাৰ্থ নিৰ্মল বন্ধুত্বৰ মাজতেই নেসৰ্গিকতাৰে হয় প্ৰতিষ্ঠা
বন্ধুত্বৰ মাজতেই বয় আত্মিকতা আস্তীৰ্ণ আন্তৰিক আত্মসন্তুতিৰ অমিয়া অমল চঞ্চল ধাৰা
বন্ধুত্ব এক অনিবৰ্চনীয় পৰমাৰ্থিক প্ৰেম অমৰত্বৰ অক্ষয় অমৃতেৰে জ্বলা অনিৰ্বাণ স্বৰ্ণ শিখা
Comments