top of page

ফেচ বুকৰ মহিমা

তুমি মোৰ বা, তুমি মোৰ ভণ্টী, তুমি দাদা, তুমি ভাইটি, তুমি দেৱৰ, তুমি মোৰ অন্তৰ জয় কৰা অন্তৰংগ বন্ধু| আমি কোনেও কাকো চিনি নাপাও| কিন্তু ইমান আপোন কিয় বাৰু? বিন্দীৰ সমান ফটোখনেই একমাত্ৰ চিনাকী দাপোণ| ফেচ বুকত টাইপ কৰা আখৰ কেইটা ইমান আপোন!! কিযে এক আন্তৰিকতা বহন কৰি লৈ আহে কাষলৈ! এইখন সংসাৰ ঘৰৰ ভিতৰত আবদ্ধ নহয়, এই খন সীমাহীন সংসাৰ| ইংলেণ্ড, আমেৰিকা, স্পেইন, ভাৰত, সাগৰ -মহাসাগৰ আদি একোৱেই বাদ পৰা নাই এই সংসাৰৰ পৰা| “বহুত ধন্যবাদ বা” দূৰ-দূৰণীৰ পৰা উৰি অহা আখৰকেইটাই কিযে এক আন্তৰিকতা কঢ়িয়াই আনে হৃদয়লৈ!! অথচ আজিলৈকে শুনিবলৈ পোৱা নাই মাত এষাৰ, ক’ত ঘৰ, কি কৰে, একোৱেই নাজানো| তথাপি ইমান আপোনভাৱ জাগে কিয় বাৰু? ফেচবুকত দিয়া পোষ্টবোৰত মোৰ চিনাকী সংসাৰ খনৰ সদস্য সকলে যেতিয়া সঁহাৰী নজনাই অভিমানত মুখ ফুলি যায়| লগতে চিন্তা হয় “কিবা বিপদ হৈছেনে বাৰু?” কিন্তু তেওঁলোকনো মোৰ কি হয়? এইয়াই হৈছে আন্তৰিকতা| এইখন সংসাৰত কোনো অকলশৰীয়া নহয় ,সকলোৰে থাকে একোটা বিৰাট পৰিয়াল|

0 views0 comments

Related Posts

See All

Comentários


bottom of page