top of page

ফাগুন

  • Sahitya Chorcha
  • Jan 27, 2021
  • 1 min read

তুমি কেলেই আহিছিলা এই বেলি সীমান্তইদি বেদনা গধুৰ হৈ নিষ্ঠুৰ নিয়তিক লৈ ৰাজ পথেদি সন্ত্ৰাসী হৈ কোনো বিৰহীৰ সপোন ভাঙি সৈনিকৰ তেজেৰে আবিৰ সানি মৃত বাস্তৱৰ দিঠক লৈ নিজৰ নামতে ইতিহাস হৈ।

বিগত বসন্তৰ পাত লুটিয়ালো বহু ছবি তোমাৰে আঁকিলো প্ৰতিদান কি পালো? বুকুৰ মাজত একুৰা বন জুই।

ফাগুন! চ’তৰ সেমেকা ৰাতি তুমি সাৰে আছানে? মই সাৰে আছো উচুপি উচুপি বাস্তৱৰ বসুন্ধৰাত এজোৰ বগা সাজৰ আবিৰেৰে এজাক এন্ধাৰ সাবতি বৈধব্যৰ তীক্ষ্ণ বাণৰ আঘাটত যৌৱনৰ কোঁহবোৰ কলিতে গচকি।

মই সাৰে আছো ফাগুন শ্বহীদ পত্নীৰ গৌৰৱৰ নিচান লৈ দুচকুৰে সিঁচি দিছো দেশৰ মাটি জীপাল কৰি আৰুটো মোৰ একো নাই।

ফাগুন! তথাপিও তুমি আহিবাই স্বদেশৰ বুকুৱেদি স্বজাতিৰ বাবে স্বাভিমান লৈ শান্তিৰ কপৌ জুৰি হৈ।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page