top of page

“ফাগুন”

  • Sahitya Chorcha
  • Feb 5, 2021
  • 1 min read

শুনিছোঁ ফাগুন হেনো মতলীয়া.. ফাগুন সঁচাই জানো মতলীয়া? নহয়, ফাগুন আহে ফাগুনী হৈ,ধৰিত্ৰীৰ বুকুত এক সুকীয়া সুবাস বিলাব লৈ জানা,ফাগুন হৈছে শূন্যতা, গতিশীল, সেউজীয়া প্ৰকৃতিৰ মৃদু পৱন,এক সুবাস ফাগুনৰ কোনো বৰণ নাই, ই উৰণীয়া ফাগুন মতলীয়া নহয়,ফাগুনে বলিব জানে ফাগুন হৃদয়স্পৰ্শী, সৃষ্টিৰ আঁৰৰ জীপাল মৌচুমী ফাগুনে ববলৈ জানে,বিলাব জানে হাজাৰ জনৰ হৃদয় অনুকম্পিত কৰে ফাগুন উৰণীয়া, ফাগুন শূন্যশীল মাথোঁ এজাক মৃদু সুবাস বিলোৱা বতাহ ফাগুন মতলীয়া নহয়, ফাগুন উৰণীয়া

Комментарии


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page