ফাগুন আহিব
- Dec 29, 2020
- 1 min read
ফাগুন আহিব, ভাৰসাম্য উষ্ণতাৰ। বননিত ফুলিব, শিমলু, পলাশ, মদাৰ। হব গীতৰ অমৃত পান, মন্ত্ৰমুগ্ধ হৃদয়জান। মধুৰ গীতৰ ৰচিকা, মনোমোহা পক্ষী হেতুলুকা। যদিও মন উৰুঙা উৰুঙা, আনন্দৰ ৰং ৰঙা। ভিন্ন ৰঙেৰে উজ্বলিব মুখচোৱা, ৰঙৰ উৎসৱ ফাকুৱা। ফাগুনৰ পূৰ্ণিমা তিথি, বিলাব প্ৰেমৰ চিঠি। প্ৰতিশ্ৰুতি নৱ উল্লাসৰ, সময় আহিব ভোগ বিলাসৰ। পাব মিতিৰালিৰ সহানুভূতি, হৃদয়ে হৃদয়ে প্ৰেমানুভূতি।




Comments