ফাগুন আহিছে গোপনে
- Sahitya Chorcha
- Feb 8, 2021
- 1 min read
তোমাৰ কলিজাটো এতিয়া মোৰ বুকুৰ মাজত লৈ ফুৰিছোঁ দুচকুৰ নীলাৰে বৈ বৈ প্ৰাণত প্ৰেমৰ কঠিয়া সিঁচি বহিছা সেউজীয়া দলিচা পাৰি। মই মুগ্ধ হৈ চাই ৰৈছোঁ তোমাৰ চিকুণ মুখনি। ফাগুন আহিছে গোপনে ৰঙা পলাশ হৈ, তোমাৰ কলিজাৰ ৰংবোৰ মোৰ দুগালত সানিবলৈ। উন্মনা মনে বিচাৰিছে সৰাপাতৰ বুকুত বসন্তৰ ৰং, জীৱনৰ ৰং। সন্ধ্যা ধূসৰ সৰাপাতৰ বুকুত নিয়ৰ জৰ্ জৰ্ উকা পথাৰত লঠঙা শিমলুৰ দুবাহুৰ আহ্বান নীলাভ আকাশলৈ এমুঠি সপোনৰ বৰষুণ জিৰি জিৰি বৈ আহক ধৰাৰ বুকুলৈ।
Comentarios