ফাগুনৰ ৰং
- Sahitya Chorcha
- Mar 15, 2021
- 1 min read
ফাগুন কিয় কৰিলি পগলা তোৰ ৰঙা বুলীয়া আবিৰে ৷ পলাশৰ তেজৰঙা বুলেৰে সজালি কলিজাত প্ৰেমৰ সুৰভিৰে ৷৷ তোক নিজতকৈ ভালপোৱা বাবেই বাৰে বাৰে পৰো তোৰ প্ৰেমত ৷ হাজাৰ দুখকো নেওচি হাঁহিব বিচাৰো প্ৰাণখুলি তোৰেই নামত ৷৷ তই আহিলেই ফুলি উঠে পলাশ,শিমলু মোৰ পদূলিতে৷ জিলিকি উঠে আকাশৰ তৰাজাক চতিয়না ফুলৰ শুভ্ৰতাৰে গধূলিতে ৷৷
Comments