top of page

ফাগুনৰ প্ৰথম পূৱা

  • Mar 8, 2021
  • 1 min read

দিন গল মাহ গ’ল আহিল ফাগুনৰ প্ৰথম পুৱা, কৃষ্ণ পক্ষৰ শব্দহীন নিশা আজি জোনাক সৰা প্ৰথম পুৱা।

পলাশ ফুলিব–ফুলে হাঁ‌হিব, শিমলু ফুলে জগাব মনক ক্লান্তিৰ ভৰ দুপৰীয়া ক্ষণত।

লুইতৰ শুকান বালিত, যাযাৱৰী কহুঁ‌ৱাই ঠন ধৰি হালিব জালিব ফাগুনত ফুলিব ফুল বতাহ বলিব।

লুইতৰ পাৰে পাৰে, উকি মাৰি ৰেল গাড়ী, গুছি যায় ঝক ঝক শব্দ কৰি কঢ়িয়াই এজাক মানুহ।

লুইতৰ বুকুৱেদি সৰু বৰ ভটভটি চলা চল কৰে, জাক জাক মানুহ উঠে, সিপাৰলৈ যোৱাৰ আশাত।

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page