ফাগুনৰ কবিতা
- Sahitya Chorcha
- Mar 20, 2021
- 1 min read
ফাগুন মানে, চঞ্চলা শিমলুৰ ৰঙা, মৌপিয়াই চুমা খোৱা লাজুকী মদাৰ, অভিমানী পলাশৰ ৰঙীন আভা।
ফাগুন মানে মেঘৰ মাদল নবজা উদাস আকাশ, উতনুৱা গাভৰু কঁহুৱা। ফাগুন মানে উদং পথাৰ, সৰা পাতৰ বেজাৰত নুফুলা এজাৰ।
ফাগুন মানে বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা দুৰন্ত পছোৱা, মোৰ খিৰিকীৰে সোমাই অহা এজাক দুষ্ট বতাহ।
ফাগুন মানে ধূলিয়ৰি গৰখীয়া বাটৰ নিজম সন্ধ্যা, তৰাং নদীৰ পাৰৰ লঠঙা গছৰ ডালত ওলমি ৰোৱা জোনৰ স্নিগ্ধতা।
ফাগুন মানে বসন্তৰ সেউজীয়াৰ আলিংগনৰ প্ৰতিক্ষাত উৎকন্ঠিত প্ৰেমিকৰ আশাৰ সম্ভাৰ৷
ফাগুন মানে জীৱনৰে নীতিকথা – ৰিক্ততাৰ অন্তত প্ৰাণৰ প্ৰাচুৰ্যতা, যিদৰে তাৰ শুকান মাটিৰো থাকে জীপাল সপোন বণ্যা
Comments