top of page

ফাগুন

  • Feb 19, 2021
  • 1 min read

এছাতি বতাহ বলিছে, যেন চেঁচা চেঁচা প্ৰেম অংকুৰিত কৰি বুকুত সেউজীয়া সপোন।

হিয়াৰ সাজোন-কাচোন তুমি মোৰ বুকুৰ আপোন।

উন্মানা ফাগুন, ফাগুনৰ মিঠা মিঠা মায়াৱী চাৱনিত এইয়া কিহৰ প্লাৱন?

লঠঙা ডালবোৰত জোনাকৰ জিকমিকনি মোৰ বুকুত প্ৰেমৰ ধপধপনি।

ফাগুন তুমি আহি শিমলুৰ পাহীত মাৰিলাহি হাঁহি,জগালাহি প্ৰেমৰ অগনি।

পাহী নে হাঁহিৰ খলকনিত গাভৰু হ’ল মোৰ উন্মনা যৌৱন। ফাগুন তোমাক স্বাগতম।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page