top of page

প্ৰাৰ্থনা

  • Sahitya Chorcha
  • Apr 30, 2021
  • 1 min read

প্ৰকৃতিৰ অস্থিৰ প্ৰত্যাহ্বানত শংকিত মোৰ যাযাবৰী অফুৰণ আশা।

হেঁপাহৰ ঢৌত ইপ্সিত মোৰ আকলুৱা হিয়া ফুলপাহ চুই চোৱাৰ বাঞ্ছিত কামনা।

শিলেৰে বন্ধোৱা বুকু, মৰমৰ সান্নিধ্যত পমি যোৱাৰ আচৰিত ক্ষণ গণনা। স্পৰ্শৰ সজীৱতাত গতিশীল প্ৰাণস্পন্দনৰ দৃঢ়তা।

আশাৰ শেতেলিত, বিষাদৰ কালিমাৰ অৱৰোহণ বিতুষ্ট মনৰ আৱেগ মৃত্যুশয্যাৰ নিৰপেক্ষতাত বিহ্বল হৃদয়।

এতিয়া, আশাৰ পূৰ্ণতাৰ আকাঙ্খাত বেদৰ উচ্চাৰণ ভক্তিৰ থাপনাত

Comentários


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page